danewsplus.com
danewsplus.com

টিকটকত ভিডিঅ’ ভাইৰেল, ধৰা পৰিল ‘হাজাৰ ফুল এক মালী’

0 269

ডিজিটেল ডেস্ক: শ্বৰ্ট ভিডিঅ’ৰ প্রৱণতা কিশোৰ অথবা যুৱক-যুৱতীসকলৰ মাজত যঠেষ্ট। উদ্ভট বিষয়ৰ বাহিৰেও বিভিন্ন কাৰণত এইবোৰ ভিডিঅ’ই ইণ্টাৰনেটৰ পৃথিৱীত আলোড়ন তোলে। তেনেকুৱাই এটা ঘটনা ঘটিছে আমেৰিকাত। নিউয়র্ক চিটীত কৰা এটা টিকটক ভিডিঅ’ এতিয়া আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কাৰণ ভাইৰেল এই ভিডিঅ’টোৱে বহু নাৰীৰ দৃষ্টি আকর্ষণ কৰিছে। এই নাৰীকেইগৰাকীৰ প্রত্যেকেই সেই ব্যক্তিৰ সৈতে প্রেমৰ পৰিছিল আৰু অভিসাৰো চলিছিল। বর্তমান বিষয়টোৱে হেশ্বটেগ মোভমেণ্টৰ ৰূপ লোৱা বুলি ক’লেও ভুল কৰা নহয়।

টিকটকাৰজনৰ নাম কেলেব। টিকটকত তেওঁ ‘ৱেষ্ট এলম্ কেলেব’ নামেৰে পৰিচিত। আচলতে এই নামৰ একা ফার্নিচাৰ কোম্পানী আছে। য’ত তেওঁ কাম কৰে।

কেলেবক লৈ সামাজিক মাধ্যমত হুলস্থুলৰ সৃষ্টি হয় যোৱা সপ্তাহত। মিমি ছাউ নামৰ এজন টিকটক ব্যৱহাৰকাৰীৰ এটা ভিডিঅ’ৰ পৰা। এই ভিডিঅ’ত তেওঁ কেলেব নামৰ এজন প্রেমিকৰ প্রতাৰণাৰ কাহিনী কয়। দ্রুতভাৱে তেওঁৰ এই ভিডিঅ’ ভাইৰেল হৈ পৰে আৰু বহুতো নাৰীয়ে জানিব বিচাৰে, সেই যুৱকজনৰ নাম ৱেষ্ট এলম কেলেব নেকি। তেওঁলোকৰ মতে, এই নামৰ যুৱকজনে তেওঁলোকৰ সৈতেও প্রেম আৰু অভিসাৰ কৰি সকলো ধৰণৰ যোগাযোগ বন্ধ কৰি দিছেন।

অবশ্য মিমিয়ে যিজন যুৱকৰ কথা কৈছিল, তেওঁ ৱেষ্ট এলম নাছিল। কিন্তু বহু কেইগৰাকী যুৱতীৰ প্ৰশ্নৰ পাছত মিমি আগ্ৰহী হৈ পৰে ৱেষ্ট এলম কেলেবৰ বিষয়ে জানিবলৈ। তাৰ পাছত তেওঁ ডেটিং এপ এটাত সেই নামেৰে এটা প্রতাৰকৰ সন্ধান পায়।

এটা পর্যায়ত তেওঁ ৱেষ্ট এলম কেলেব নামৰ সেই টিকটক একাউণ্টধাৰীৰ বিষয়ে এটা সতর্কতামূলক ভিডিঅ’ পোষ্ট কৰে। য’ত তেওঁ এটা সতৰ্কবাণী প্ৰকাশ কৰিলে যে এই নামৰ ব্যক্তিৰ পৰা সাৱধানে থাকক।

কেট গ্লাভান নামৰ এগৰাকী মহিলাই মিমিৰ সেই ভিডিঅ’ত বিভিন্নজনক টেগ কৰিবলৈ আৰম্ভ কৰে। গ্লাভানে কয়, ‘টিকটকৰ এই ভিডিঅ’টো নাপালে মই কেতিয়াও নাজানিলোহেঁতেন যে মই যিজন লোকক বিচাৰি আছিলো, তেওঁৰ নাম ৱেষ্ট এলম কেলেব।’ ভিডিঅ’টোত গ্লাভানে কয়, তেওঁৰ সৈতে অভিসাৰৰ কেইঘণ্টামান আগেয়ে কেলি নামৰ আৰু এগৰাকী নাৰীৰ সৈতে ডেটিঙত গৈছিল কেলেব।’

কেলিয়েও এটা ভিডিঅ’ প্রকাশ কৰে। তাত তেওঁ কয়, অভিসাৰৰ পাছত ছয় সপ্তাহ ধৰি তেওঁৰ সৈতে কেলেবৰ যোগাযোগ নাই। এগৰাকীৰ পাছত এগৰাকী নাৰীয়ে এই বিষয়ে উল্লেখ কৰোতে কৰোতে হেশ্বটেগ বিয়পি পৰে। উল্লেখ্য যে এই ভিডিঅ’টো ৫০ লাখৰো অধিকবাৰ চাইছে ইণ্টাৰনেটত।

Leave A Reply

Your email address will not be published.