danewsplus.com
danewsplus.com

গণৰাজ্য দিৱসৰ বাবে অসম খাদী গ্ৰামোদ্যোগ ব’ৰ্ডৰ ব্যস্ততা

0 110

ডিজিটেল ডেস্ক: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ব্যস্ততা বাঢ়িছে অসম খাদী গ্ৰামোদ্যোগ ব’ৰ্ডৰ৷ গণৰাজ্য দিৱসৰ বাবে লক্ষ্যতকৈও অধিক পতাকা বিক্ৰী কৰিবলৈ সক্ষম হৈছে খাদী ব’ৰ্ড৷ ৫৪০০খন পতাকা বিক্ৰী লক্ষ্য লোৱা ব’ৰ্ডে এতিয়ালৈ বিক্ৰী কৰিছে ৬০০০খন পাতাকা৷

সকলো চৰকাৰী কাৰ্যলয়ত উত্তোলন কৰা হ’ব খাদী গ্ৰামোদ্যোগৰ পতাকা৷ ৬ফুট দীঘল আৰু ৪ফুট বহল পতাকা প্ৰস্তুত কৰিছে ব’ৰ্ডে৷ অসমৰ উপৰি অৰুণাচলত পতাকা বিক্ৰীৰ বাবেও যো-জা কৰিছে খাদী গ্ৰামোদ্যোগ ব’ৰ্ডে৷

Leave A Reply

Your email address will not be published.