danewsplus.com
danewsplus.com

দিল্লীত অব্যাহত বায়ু প্ৰদূষণ,দৈনিক বৃদ্ধি প্ৰদূষণৰ মাত্ৰা

0 457

ডিজিটেল ডেস্কঃ দিল্লীত অব্যাহত আছে বায়ু প্ৰদূষণ৷ দৈনিক প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে ৰাজধানী চহৰখনত ৷ শুকুৰবাৰে দিল্লীৰ বায়ুমান সূচাংক হৈছেগৈ ৩৫৩ ৷ বৃহস্পতিৱাৰে এই মান আছিল ৩১৮ ৷ দিল্লীৰ এই সূচাংক Very Poor ৰূপে অভিহিত কৰা হৈছে ৷

এয়াৰ কোৱালিটী এণ্ড ৱেডাৰ ফৰকাষ্টিং এণ্ড ৰিছাৰ্ছৰ তথ্যত প্ৰকাশ পাইছে এই তথ্য৷ দিল্লী বিশ্ববিদ্যালয়, লোধী ৰোড, পূছা, মথুৰাৰোড, আই আই টি দিল্লী আৰু ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰদূষণৰ মাত্ৰা সৰ্বাধিক ৰূপে চিহ্নিত হৈছে ৷

বিগত কেইবাদিনো ধৰি দিল্লীৰ তাপমান আৰু বায়ুবেগ একে আছে ৷

Leave A Reply

Your email address will not be published.