danewsplus.com
danewsplus.com

আজি নুমুওৱা হ’ব দিল্লীৰ অমৰ জোৱান জ্যোতি

0 359

ডিজিটেল ডেস্কঃ আজি নুমুওৱা হ’ব ৰাজধানী দিল্লীৰ ইণ্ডিয়া গেইটৰ বিখ্যাত অমৰ জোৱান জ্যোতি৷ এই শিখা আজি একেলগ কৰা হ’ব ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ সৈতে৷ ১৯৭১ৰ ভাৰত-পাকিস্তান যুদ্ধত শ্বহীদ হোৱা জোৱানসকলৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল ইণ্ডিয়া গেইটৰ এই অমৰ জোৱান জ্যোতি৷

বিভিন্ন উপলক্ষত সেনা মুৰব্বী আৰু বিভিন্ন দেশৰ মুৰব্বীয়ে শ্ৰদ্ধাঞ্জলি জনাই আহিছিল এই স্মাৰকত৷ অমৰ জোৱান জ্যোতিক ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ সৈতে একেলগ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক কংগ্ৰেছকে ধৰি একাংশ বিৰোধীয়ে সমালোচনা কৰিছে৷

Leave A Reply

Your email address will not be published.