danewsplus.com
danewsplus.com

নামফাই টাপোত পুনঃসংস্থাপন কৰা হ’ব তিনিচুকীয়াৰ লাইকাৰ ১১০টা পৰিয়ালক

0 147

ডিজিটেল ডেস্কঃ অৱশেষত প্ৰায় দুটা বছৰৰ অন্তত কিছু হাঁহি বিৰিঙিছে লাইকাবাসীৰ মুখত। ইতিমধ্যে মাৰ্ঘেৰিটা প্ৰশাসন আৰু বন বিভাগে লাইকাবাসীৰ বাবে নিৰ্ধাৰিত কৰি দিয়া স্থান ডিগবৈ বন সংমণ্ডলৰ কাৰ্যালয়ৰ অধীনত তথা জাগুন বন বিভাগৰ অন্তৰ্গত নামফাই টাপো অঞ্চলত লাইকাৰ প্ৰায় ১১০ ঘৰ পৰিয়ালক পুনঃসংস্থাপনৰ বাবে মাটি জোখ মাখ আৰম্ভ কৰিছে।

উল্লেখ্য যে, পুনঃসংস্থাপনৰ নামত লাইকাৰ প্ৰায় ১১০ ঘৰ পৰিয়ালৰ লোকক ২০২১ চনৰ ফেব্ৰুৱাৰী মাহতে চৰকাৰ তথা প্ৰকাশনে জাগুন বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত লাকলাত এটা অস্থায়ী শিবিৰ স্থাপন কৰা হৈছিল। যাৰ বাবে এক অঘৰী জীৱন যাপন কৰিব লগা হৈছিল লাইকাবাসীয়ে।

ইতিমধ্যে বন বিভাগ তথা মাৰ্ঘেৰিটা প্ৰশাসনে মাটিৰ জোখ মাখ আৰম্ভ কৰাত লাইকাবাসীৰ মাজত দেখা দিছে এক আশাৰ ৰেঙনি। যাৰ বাবে অসম চৰকাৰ, বন বিভাগৰ লগতে মাৰ্ঘেৰিটা প্ৰকাশনক ধন্যবাদ জনালে লাইকাবাসীয়ে।

Leave A Reply

Your email address will not be published.