danewsplus.com
danewsplus.com

পুনৰ প্ৰতিবাদত উত্তাল অসম মাধ্যমিক শিক্ষা পৰিষদৰ কাৰ্যালয়

0 386

ডিজিটেল ডেস্কঃ মঙলবাৰৰ পুৱাই উত্তাল হৈ পৰিল অসম মাধ্যমিক শিক্ষা পৰিষদৰ কাৰ্যালয় ৷ টেট পৰীক্ষাত হোৱা চূড়ান্ত বিসংগতিৰ বাবে প্ৰতিবাদত বহিল টেট অৱতীৰ্ণসকল ৷ বৰ্তমানৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ব্যৰ্থতা উদঙাই দি পদত্যাগৰ দাবী তুলিলে প্ৰতিবাদকাৰীসকলে ৷

পৰীক্ষাৰ্থীৰ ওচৰত ভুলৰ স্বীকাৰোক্তি SEBAৰ কৰ্তৃপক্ষৰ
পোহৰলৈ আহিছিল OMR শ্বীটৰ ভয়ংকৰ বিসংগতি
বিশেষজ্ঞ কমিটীয়ে আশ্বাস দিছিল এসপ্তাহৰ ভিতৰত প্ৰতিবেদন ৰাজহুৱা কৰাৰ
মাহ পাৰ হোৱাৰ পিছতো ৰাজহুৱা ন’হল বিশেষজ্ঞৰ কমিটীৰ প্ৰতিবেদন

টেট পৰীক্ষাত হোৱা চূড়ান্ত বিসংগতিৰ বাবে পুনৰ ছেবাৰ কাৰ্যালয় ঘেৰাও কৰে টেট অৱতীৰ্ণই। ভুলৰ সংশোধন বিচাৰি বাৰে বাৰে প্ৰতিবাদ সাবস্ত্য কৰিছে টেট অৱতীৰ্ণই। তেওঁলোকৰ দাবী, শুদ্ধ উত্তৰ লিখাৰ পিছটো সঠিক নম্বৰৰ পৰা বঞ্চিত হ’ল পৰীক্ষাৰ্থীসকল। তথ্য সহকাৰে পৰীক্ষাৰ বিসংগতি পোহৰলৈ আনিছিল। পোহৰলৈ আহিছিল OMR শ্বীটটো ভয়ংকৰ বিসংগতি। যাৰ বাবে গঠন কৰা হৈছিল বিশেষজ্ঞ কমিটি।

বিশেষজ্ঞ কমিটিয়ে এসপ্তাহৰ ভিতৰতে প্ৰতিবেদন ৰাজহুৱা কৰাৰ আশ্বাস দিছিল।
কিন্তু মাহ পাৰ হোৱা পিছটো ৰাজহুৱা ন’হল বিশেষজ্ঞৰ কমিটিৰ প্ৰতিবেদন।

লগতে তেওঁলোকৰ অভিযোগ শিক্ষা বিভাগটো চলোৱাত চূড়ান্ত ভাবে ব্যৰ্থ হৈছে বৰ্তমানৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু। সেয়েহে এই পদবীৰ পৰা শীঘ্ৰেই অপসাৰণ কৰাৰ দাবী প্ৰতিবাদকাৰীৰ।

প্ৰতিবাদকাৰীৰ সকলক সহযোগ কৰি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ দাবী ‘সমগ্ৰ বিষয়টো হস্তক্ষেপ কৰক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই’। এতিয়া প্ৰশ্ন হয়, ভুল স্বিকাৰ কৰা ছেবাই কেতিয়া পুনৰীক্ষন কৰিব উত্তৰ বহী ? যদি সচাকৈ ছেবাৰ ভুল আছিল তেতিয়া হ’লে ইয়াৰ বাবে দায়ী কোন ? এনে দৰেই পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ নামত লক্ষ লক্ষ টকা ব্যয় কৰাৰ পিছটো বিভিন্ন বেমেজালি সৃষ্টি হোৱাকলৈও এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সচেতন মহলত।

Leave A Reply

Your email address will not be published.