danewsplus.com
danewsplus.com

অসমৰ কোন ১৮.২৯ বৰ্গ কিলোমিটাৰ ভূমি লাভ কৰিব মেঘালয়ে?

0 458

ডিজিটেল ডেস্কঃ সীমা বিবাদ দূৰ কৰাৰ বাবে অসমৰ ভূমি মেঘালয়ক।
অসমে হেৰুৱাব পিলিংকাটা, লাংপী, বাক্ৰাপাৰাৰ একাংশ

অসম-মেঘালয় সীমা বিবাদ দূৰ কৰাৰ বাবে কইনাধৰাত সৰ্বদলীয় বৈঠক ৷ বৈঠকত লোৱা হৈছে অসমৰ ৩টা স্থানৰ ভূমি মেঘালয়ক এৰি দিয়াৰ সিদ্ধান্ত ৷ এই সিদ্ধান্তক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷ সৰ্বদলীয় বৈঠকৰ পিছত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰেও মুখ্যমন্ত্ৰীৰ বৈঠক ৷ বিষয়টো বিষদভাৱে আলোচনা হয় এই বৈঠকত ৷ কিন্তু বৈঠকে সীমা বিবাদ দূৰ কৰিব পাৰিবনে? ১২টাকৈ স্থানত অসম আৰু মেঘালয়ৰ মাজত সীমা বিবাদ চলি আছে ৷ তাৰে ৬টা স্থানৰ সীমা বিবাদ দূৰ কৰাৰ বাবে মঙলবাৰে আলোচনা হয় ৷ আলোচনাৰ অন্তত চৰকাৰে বিষয়টো যোগাত্মক বুলিলেও বিৰোধীৰ স্থিতি এতিয়াও স্পষ্ট নহয় ৷

এৰা-ধৰাৰ মাজেৰে সমস্যা সমাধানৰ পোষকতা চৰকাৰৰ
BPF, AIUDF চৰকাৰৰ পক্ষত
বিধানসভাত এই সমস্যা সন্দৰ্ভত আলোচনাৰ পোষকতা একাংশৰ

বৈঠকত আলোচনা হয় মেঘালয়ক ৩টা এলেকা এৰি দিলেও অসমে আন ৩ এলেকাৰ ভূমি লাভ কৰিব ৷

মেঘালয়ে লাভ কৰিব ১৮.২৯ বৰ্গ কিলোমিটাৰ
অসমে লাভ কৰিবলগীয়া ভূমিৰ পৰিমান ১৮.৫১ বৰ্গ কিলোমিটাৰ


বৈঠকৰ সিদ্ধান্ত মৰ্মে সীমান্তৰ ৬ বিবাদমান অঞ্চলত নাথাকিব বৰ্তমানৰ স্থিতাৱস্থা ৷ পৰৱৰ্তী সময়ত বিবাদমান আমচৈ অঞ্চলৰ সন্দৰ্ভতো হ’ব আলোচনা ৷

Leave A Reply

Your email address will not be published.