danewsplus.com
danewsplus.com

আজি শিল্পী দিৱস! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰূপকোঁৱৰক স্মৰণ

0 153

ডিজিটেল ডেস্ক: আজি শিল্পী দিৱস৷ সুন্দৰৰ পূজাৰী, বিপ্লৱী শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী গীতৰ মুৰ্ছনাৰে মুখৰিত হ’ব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে৷ শিল্পী দিৱসক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে উছাহৰ আয়োজন৷ বাৰেৰহণীয়া কাৰ্যসূচীৰে শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে শংকৰদেৱ কলাক্ষেত্ৰত আজি কেন্দ্ৰীয়ভাৱে ৰাজ্য চৰকাৰৰ উদ্যোগত শিল্পী দিৱসৰ বিশেষ কাৰ্যসূচী৷

আজি ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চনৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বঁটা প্ৰদান কৰা হ’ব৷ ৫০গৰাকী শিল্পীলৈ আগবঢ়োৱা হ’ব শিল্পী পেঞ্চন, ১৫০গৰাকী শিল্পীক প্ৰদান কৰা হ’ব বাৰ্ষিক শিল্পী সন্মান৷ ১৮গৰাকী প্ৰয়াত শিল্পীৰ পত্নীক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব৷

অৰ্পনা বুজৰবৰুৱা আৰু পুলক বেনাৰ্জীক শিল্পী বঁটা সন্মান দিয়াৰ লগতে নটসূৰ্য ফণী শৰ্মা বঁটা, বিষ্ণু ৰাভা বঁটা, বীৰ ৰাঘৱ বঁটা, সাহিত্যাচাৰ্য বঁটা প্ৰদান কৰাৰ লগতে নগদ ২ লাখ টকা আৰু এখন অংগ বস্ত্ৰৰে সম্বৰ্ধনা জনোৱা হ’ব শিল্পীকেইগৰাকীক৷

ইফালে, লোক-সংস্কৃতিৰ গৱেষক, লেখক উপেন বৰা হাকচামলৈ বীৰ ৰাঘৱ বঁটা প্ৰদান কৰা হ’ব৷ দুজন দিব্যাংগ শিল্পীকো দিয়া হ’ব বাৰ্ষিক শিল্পী বঁটা৷

Leave A Reply

Your email address will not be published.