danewsplus.com
danewsplus.com

ভাৰতত কাহানিবাই শেষ ব্ৰিটিছৰাজ, এইবাৰ ব্ৰিটেইন চম্ভালিব এজন ভাৰতীয়ই!

0 243

ডিজিটেল ডেস্কঃ ভাৰতত কাহানিবাই শেষ ব্ৰিটিছ ৰাজ
এইবাৰ ব্ৰিটেইন চম্ভালিব এজন ভাৰতীয়ই!

হয়, কাৰ্যতঃ তেনে এক ঘটনাই সংঘটিত হোৱাৰ দিশে। ব্ৰিটেইনৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ বাবে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ কাৰ্যকাল শেষ হোৱাৰ উপক্ৰম।

অচিৰেই পদত্যাগ কৰিব পাৰে বৰিছ জনছনে
প্ৰধানমন্ত্ৰীৰ স্থলাভিষিক্ত হ’ব পাৰে ঋষি ছোনাক

কোভিড পৰিস্থিতিৰ মাজতে ১০ ডাউনিং ষ্ট্ৰীটত এক পাৰ্টীৰ আয়োজন কৰিছিল বৰিছ জনছনে। প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা এই পাৰ্টীৰ পাছতে বিতৰ্ক বৃদ্ধি হৈছে। বিতৰ্কই এনে পৰ্যায় পাইছেগৈ যে প্ৰধানমন্ত্ৰী জনছনৰ পদত্যাগৰ দাবী উঠিছে সৰ্বত্ৰ। কেৱল বিৰোধীয়েই নহয়, শাসকীয় পক্ষয়ো দাবী কৰিছে প্ৰধানমন্ত্ৰীৰ পদত্যাত।

ক্ৰমাৎ সলনি হৈছে ব্ৰিটেইনৰ ৰাজনৈতিক বতৰ
ৰাজনৈতিক বতৰ বিজ্ঞানীৰ ৰূপত ঋষি ছোনাক

প্ৰধানমন্ত্ৰী বৰিছ জনছনো ১০ ডাউনিং ষ্ট্ৰীটত আগবঢ়োৱা এই পাৰ্টীত উপস্থিত নাছিল জনছন মন্ত্ৰীসভাৰ বিত্ত মন্ত্ৰী ঋষি ছোনাক। দিনটোৰ ব্যস্ততাৰ অন্তত এই বৈঠকত অংশগ্ৰহণ কৰিব নোৱৰাৰ বাবে ক্ষমা প্ৰাৰ্থনাৰে ছোনাকে পত্ৰ প্ৰেৰণ কৰিছিল জনছনলৈ। এই অনুপস্থিতিয়েই যেন ঋষি ছোনাকৰ ভাগ্যৰ চকৰি ঘূৰাবলৈ আছিল এক মাইলৰ খুঁটি। বৰিছ জনছনৰ অবৰ্তমানত পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে ঋষি ছোনাকৰ সপক্ষে আছে অধিকাংশ। অৰ্থাত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে ঋষি ছোনাকে দায়িত্ব গ্ৰহণ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। তাৰ বাবে অপেক্ষা কৰিব লাগিব মাত্ৰ কেইটামান দিন।

ভাৰতীয় বংশোদ্ভৰ ঋষি ছোনাক
পঞ্জাৱত ঘৰ ঋষিৰ পিতৃ-মাতৃৰ
পিতৃ য়শবীৰ ছোনাক, মাতৃ ঊষা ছোনাক
বহু পূৰ্বৰে পৰা ব্ৰিটেইনৰ বাসিন্দা ছোনাক পৰিয়াল
ব্ৰিটেইনৰ নাগৰিকত্বও গ্ৰহণ ছোনাক পৰিয়ালৰ

ব্ৰিটেইনৰ নাগৰিকত্ব গ্ৰহণ কৰিলেও ভাৰতৰ সৈতে এতিয়াও সম্পৰ্ক ছেদ কৰা নাই ছোনাক পৰিয়ালে। ভাৰতৰ সৈতে এতিয়াও আছে বৈবাহিক সম্পৰ্কও।

ঋষি ছোনাকৰ পত্নীও ভাৰতীয়
পত্নী নাৰায়ণমূৰ্তিৰ কন্যা অক্ষৰা

ইনফ’ছিছৰ অধ্যক্ষ এন আৰ নাৰায়ণমূৰ্তিৰ কন্যা অক্ষৰা নাৰায়ণমূৰ্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ২০০৯ চনত। ২ সন্তানো আছে এই দম্পতীৰ। শেহতীয়াভাৱে ব্ৰিটেইনৰ ৰাজনৈতিক বতাহে এজন ভাৰতীয় বংশোদ্ভুত ব্যক্তিৰ দেশখনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিয়াৰ পৰিস্থিতি সৃষ্টি হোৱাত স্বাভাৱিকতে ভাৰতত আনন্দৰ পৰিৱেশ। ভাৰতে এতিয়া অপেক্ষা কৰিছে দেশখনত উপনিবেশ চলাই যোৱা দেশখনৰ ৰাজনৈতিক শীৰ্ষস্থানত এজন ভাৰতীয়ক আদৰণি জনোৱাৰ মাহেন্দ্ৰ ক্ষণলৈ।

Leave A Reply

Your email address will not be published.