danewsplus.com
danewsplus.com

SOP বিৰোধিতা কৰাসকলক কি আখ্যা দিলে মুখ্যমন্ত্ৰীয়ে?

0 487

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে SOP বিতৰ্ক ৷ ভোগালীক লৈ চৰকাৰে জাৰি কৰা SOP সন্দৰ্ভত নানা মুনিৰ নানা মত ৷ তাৰ মাজতে এইবাৰ SOP সমৰ্থনকাৰী আৰু বিৰোধিতা কৰাসকলৰ মাজত জাতিদ্ৰোহী আৰু জাতিপ্ৰেমী বিচাৰি পাইছে মুখ্যমন্ত্ৰীয়ে ৷

জাতিপ্ৰেমী কোন?
কোন জাতিদ্ৰোহী?
চৰকাৰী SOP সমৰ্থনকাৰীসকল কোন?
কোনে বিৰোধিতা কৰে SOP?

ক’ভিডৰ ভয়াৱহতাক লৈ ৰাজ্য চৰকাৰে জাৰি কৰা SOPক লৈ ভিন্নজনৰ ভিন্ন মত ৷ বহুতে মানিব নোখোজে SOP আকৌ বহুতৰে সমৰ্থন আছে SOPত ৷ ভোগালীৰ মাজতে তাকে লৈ ৰাজ্যজুৰি চলিছে বাক-বিতণ্ডা ৷ কিন্তু SOPক লৈ এইবাৰ নতুন সূত্ৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

SOP বিৰোধিতা কৰাসকলক জাতিদ্ৰোহী আখ্যা মুখ্যমন্ত্ৰীৰ

SOP সমৰ্থনকাৰীসকল জাতিপ্ৰেমী

ই যি কি নহওঁক ৷ ক’ভিডে যে ৰাজ্য নহয়, দেশজুৰি এক অশনি সংকেত আনিছে তাৰো ইংগিত দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ কাৰণ ক’ভিডক লৈ উদ্বিগ্ন হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ এই কথাও সাংবাদিকৰ আগত ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

এফালে ক’ভিডক লৈ উদ্বিগ্নতা আনফালে চোতালত ভোগালী বিহু ৷ ক’ভিডৰ সম্পূৰ্ণ প্ৰট’কল মানি ভোগালীৰ উছাহ ল’বলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ৷

Leave A Reply

Your email address will not be published.