danewsplus.com
danewsplus.com

ছাইনা নেহৱালৰ tweet ত কটুক্তি কৰি বিপদত তামিল অভিনেতা সিদ্ধাৰ্থ

0 165

ডিজিটেল ডেস্ক: ছাইনা নেহৱালৰ tweet ত কটুক্তি কৰি বিপদত পৰিল তামিল অভিনেতা সিদ্ধাৰ্থ। সামাজিক মাধ্যমত ব্যাপক সমালোচনাৰ জোৱাৰ উঠাৰ পিছতে অভিনেতাজনে ক্ষমা বিচাৰিবলৈ বাধ্য হল।

পঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা বিঘ্নিত হোৱা বুলি উল্লেখ কৰি সেই কাৰ্যক tweet যোগে গৰিহণা দিছিল ছাইনা নেহৱালে। লগে লগে বলিউডৰ ‘ৰং দে বাছন্তী’খ্যাত তামিল অভিনেতা সিদ্ধাৰ্থৰ ছাইনাক উদ্দেশ্যি শ্লেসাত্মক Tweet। প্ৰখ্যাত বেডমিণ্টন তাৰকাগৰাকীক Shuttle cock champion আখ্যা সিদ্ধাৰ্থৰ।

পুৰুষৰ লিংগ সূচক এই আখ্যা দিয়াৰ লগে লগে সামাজিক মাধ্যম উত্তাল হৈ পৰে সিদ্ধাৰ্থৰ বক্তব্যৰ প্ৰতিবাদত। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ডঃ ৰেখা শৰ্মাই সিদ্ধাৰ্থক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে। ছাইনা BJP ৰ সদস্য হোৱা বাবেই হয়তো কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়েও উক্ত কাৰ্যক গৰিহণা দিয়ে। পোনতে সিদ্ধাৰ্থই এই কাৰ্যক যথোচিত বুলি অভিহিত কৰিলেও পিছত তেওঁ ক্ষমা বিচাৰিবলৈ বাধ্য হব।

Leave A Reply

Your email address will not be published.