danewsplus.com
danewsplus.com

এবছৰীয়া হ’ল বিৰাট-অনুষ্কাৰ কন্যা বামিকা

0 469

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ কণমানী কন্যা বামিকাৰ আজি এবছৰীয়া জন্মদিন। উল্লেখ্য যে, ১১ জানুৱাৰী, ২০২১ চনত বামিকাৰ জন্ম হৈছিল। অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে তেওঁলোকৰ নিজৰ নিজৰ নামৰ প্ৰথম আখৰেৰে তেওঁলোকৰ জীয়েকৰ নাম ৰাখে বামিকা। বামিকাৰ অৰ্থ হৈছে দেৱী দুৰ্গা।

ইফালে, আজি জন্মদিনৰ দিনা বিৰাট-অনুষ্কাই তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্টত বামিকাৰ ফটো পোষ্ট কৰে আৰু তেওঁলোকৰ অনুৰাগীসকলক পোষ্টটোত শুভকামনা জনোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। অৱশ্যে কোনো ছবিতেই বামিকাৰ মুখ দেখুওৱা হোৱা নাই। কিয়নো, তেওঁলোকে বিচাৰে যে বামিকাই এটা স্বাভাৱিক জীৱন উপভোগ কৰক। কেইদিনমান আগতে বিৰাট কোহলীয়েও সংবাদ মাধ্যমক বামিকাৰ ফটো নল’বলৈ অনুৰোধ কৰিছিল।

Leave A Reply

Your email address will not be published.