danewsplus.com
danewsplus.com

কোনে উপহাৰ দিলে মুখ্যমন্ত্ৰীক ১০ কেজি ওজনৰ চিতল?

0 706

ডি়জিটেল ডেস্কঃ সন্মুখত অসমীয়াৰ হেঁপাহৰ ভোগালী। উৰুকালৈ মাজত মাথোঁ এটা দিন বাকী। ইয়াৰ মাজতে আজি মুখ্যমন্ত্ৰীয়ে উপহাৰ হিচাপে লাভ কৰিলে ১০ কেজি ওজনৰ প্ৰকাণ্ড চিতল মাছ।

আজি পুৱা মুখ্যমন্ত্ৰীগৰাকীক চৰকাৰী বাসগৃহত সাক্ষাৎ কৰি ১০ কিলো ওজনৰ এটা চিতল মাছ উপহাৰ হিছাপে প্ৰদান কৰে বৃহত্তৰ উজানবজাৰ নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাই। এই উপহাৰ লাভ কৰি আপ্লুত হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে।

“অসমীয়া জাতিৰ গতিশীল সাংস্কৃতিক সত্তা আৰু জীৱনবোধৰ সবল অভিব্যক্তি হৈছে মাঘ বিহু। আশাকৰোঁ অসমীয়াৰ বাপতি সাহোন ভোগালীয়ে প্ৰত্যেকৰে জীৱন ভোগেৰে ওপচাই তুলিব”, ভোগালীৰ প্ৰাকক্ষণত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে ক’ভিডৰ ভয়াৱহতাৰ মাজত সকলোকে সাৱধানতাৰে বিহু উদযাপন কৰিবলৈও আহ্বান জনালে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave A Reply

Your email address will not be published.