danewsplus.com
danewsplus.com

অসম কৃষি বিশ্ববিদ্যালয়ত বাটৰ নাট প্ৰতিযোগিতা। শ্ৰেষ্ঠ দলৰ সন্মান কৃষি মহাবিদ্যালয়লৈ

0 424

ডিজিটেল ডেস্কঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত আজি শিক্ষাৰ্থীসকলৰ মাজত দেশভক্তিমুলক বিশেষ বাটৰ নাট প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়, সামুহিক বিজ্ঞান মহাবিদ্যালয়, ৰেচম মহাবিদ্যালয় আৰু উদ্যান শস্য বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দলে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে।

আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা এই প্ৰতিযোগিতা মুকলি কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই দেশৰ স্বাধীনতা সংগ্ৰাম আৰু স্বাধীনতা সংগ্ৰামী সকলক সোঁৱৰণ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। বিদ্যায়তনিক শিক্ষানুষ্ঠানত এনে ধৰণৰ কাৰ্যসূচীয়ে আমাক স্বদেশপ্ৰেমৰ প্ৰতি জাগৃত কৰাৰ লগতে আমাৰ গৌৰৱোজ্জল অতীতক সোঁৱৰণ কৰাটো সহায়ক হয় বুলি উল্লেখ কৰে।

কৃষি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ এন এছ এছৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত কৃষি মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক, পঞ্জীয়ক তপন গোহাঁইৰ লগতে বিশ্ববিদ্যালয়ৰ বিশেষ বিষয়াসকল, বিভাগীয় মুৰব্বী, বহুসংখ্যক অধ্যাপক, বিজ্ঞানী আৰু বিষয়া- কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীসকলে অংশ গ্ৰহণ কৰে। প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান লাভ কৰা কৃষি মহাবিদ্যালয় দলক উপাচাৰ্যই পুৰস্কাৰ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.