danewsplus.com
danewsplus.com

২০ জানুৱাৰীৰ পৰা ঐতিহাসিক জোনবিল মেলা

0 250


ডিজিটেল ডেস্কঃ ২০ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ জোনবিলৰ পাৰত আৰম্ভ হ’ব জোনবিল মেলা৷ গোভা দেওৰজাৰ জোনবিলৰ প্ৰস্তুতি এতিয়া তুংগত৷ বিগত বৰ্ষবোৰৰ দৰে এইবেলিও সমন্বয়ৰ বাণীৰে মেলাথলিত পাহাৰ-ভৈয়ামৰ লোকৰ মাজত চলিব বিনিময় প্ৰথা। প্ৰথম দিনটোত জোনবিলত চলিব সমূহীয়া মাছধৰা প্ৰথা । মেলাৰ দ্বিতীয় দিনা অনুষ্ঠিত হ’ব গোভা দেওৰজাৰ ৰাজদৰবাৰ । য’ত উপস্থিত থাকিব মধ্য অসমৰ ১৮ গৰাকীকৈ তিৱা ৰজা । ইফালে ৰাজদৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ ৰাজদৰবাৰলৈ আমন্ত্ৰণ জনোৱা হৈছে কেইবাগৰাকীও মন্ত্ৰী-বিধায়কক৷ লগতে এই ৰাজদৰবাৰতে ১৮ গৰাকী তিৱা ৰজাক অসম চৰকাৰৰ পৰা ৰাজভাট্টা প্ৰদান কৰিব ।

Leave A Reply

Your email address will not be published.