danewsplus.com
danewsplus.com

নতুন বিপদৰ সন্মুখত বিশ্ব! ফ্ৰান্সত ক’ৰোনাৰ নতুন ভেৰিয়েণ্ট ‘IHU’

0 549

ডিজিটেল ডেক্সঃ নতুন বিপদৰ সন্মুখত বিশ্ব৷ অ’মিক্ৰনৰ বিৰুদ্ধে বিশ্বই যুঁজ আৰম্ভ কৰাৰ সময়তে ক’ৰোনাৰ আন এক ভেৰিয়েণ্ট চিনাক্ত হৈছে ফ্ৰান্সত৷ এই নতুন ভেৰিয়েণ্টৰ নাম দিয়া হৈছে ‘ইহু’৷ দেশখনত ইতিমধ্যে ১২জন ইহু আক্ৰান্ত চিনাক্ত হৈছে৷ ক’ৰোনাৰ এই নতুন ভেৰিয়েণ্টৰ আগমনত এতিয়া চিন্তিত হৈছে বিজ্ঞানী মহলো৷

প্ৰাৰম্ভিক গৱেষণাত পোহৰলৈ অহা মতে এই নতুন ভেৰিয়েণ্টে ৪৬ বাৰ নিজৰ ৰূপ সলনি কৰিছে৷ অৱশ্যে অ’মিক্ৰনৰ দৰে এই নতুন ভেৰিয়েণ্টো অত্যন্ত সংক্ৰামক হয় নে নহয় সেই লৈ গৱেষণাৰ যথেষ্ট প্ৰয়োজন আছে৷ ইতিমধ্যে ইউৰোপত অ’মিক্ৰন আৰু ডেল্টাই সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছত ‘ইহু’ৰ আগমনত শংকিত হৈছে সকলো৷ ব্ৰিটেইন, ফ্ৰান্স, স্পেইন, ইটালীকে ধৰি ইউৰোপৰ কেইবাখনো দেশত দৈনিক লক্ষাধিক লোক আক্ৰান্ত হৈছে ক’ৰোনাত৷

ডেল্টা আৰু অ’মিক্ৰন ভেৰিয়েণ্টৰ তুলনাত যদিহে ইহু অধিক সংক্ৰামক হয় তেন্তে মহা বিপৰ্যয়ৰ মুখত পৰিব ইউৰোপ৷ আনহাতে, আমেৰিকাত ক’ৰোনা সংক্ৰমণৰ বিস্ফোৰণ ঘটিছে৷ মঙলবাৰে দেশখনত একেদিনাই প্ৰথমবাৰৰ বাবে ১০ লক্ষাধিক লোক আক্ৰান্ত হ’ল ক’ৰোনাত৷ দুটা সপ্তাহৰ ভিতৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰত ক’ৰোনা সংক্ৰমণৰ এই ভয়াৱহ ৰূপ দেখি উদ্বিগ্ন হৈছে ৰাষ্ট্ৰপতি জ’ বাইডেন৷ দেশখনৰ নাগৰিকক শীঘ্ৰেই বুষ্টাৰ ভেকচিন দিয়াৰ চিন্তা-চৰ্চাও আৰম্ভ হৈছে৷ মুঠতে বিগত দুটা বছৰত বিশ্ব সন্মুখীন হোৱা ক’ৰোনা বিপৰ্যয়ৰ এইবাৰ যেন আৰু অধিক ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনাই অধিক৷

Leave A Reply

Your email address will not be published.