danewsplus.com
danewsplus.com

নৱবৰ্ষত সংকটত পৰিব দেশৰ বস্ত্ৰ উদ্যোগ

0 148

ডিজিটেল ডেস্কঃ নতুন বছৰটো সম্ভাৱনাময় হোৱাৰ আশাৰে অপেক্ষা কৰিছে সকলোৱে ৷ বিপৰীতে নৱবৰ্ষত মহাসংকটত পৰাৰ আশংকাত ভুগিছে দেশৰ বস্ত্ৰ উদ্যোগ ৷ কাৰণ, পহিলা জানুৱাৰীৰ পৰাই বস্ত্ৰ, হস্ততাঁত সামগ্ৰী আৰু জোতা-চেণ্ডেলৰ GST বৃহৎ হাৰত বৃদ্ধিৰ সিদ্ধান্ত কাৰ্যকৰী কৰিছে ৷ ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধ পাব GST ৷ বস্ত্ৰ উদ্যোগৰ GST ১২ শতাংশলৈ বৃদ্ধি কৰা সিদ্ধান্তই বজাৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে ৷

কেন্দ্ৰৰ সিদ্ধান্তৰ বাবে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া বস্ত্ৰ উদ্যোগত অধিক প্ৰভাৱ পৰিব৷ ক’ৰোনাৰ দ্বিতীয় ঢৌত দেশে হেৰুওৱা ৰাজহ উদ্ধাৰৰ বাবে কেন্দ্ৰই লোৱা এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত লাখ লাখ লোকে সংস্থাপন হেৰুওৱাৰো আশংকাই দেখা দিছে ৷ লক্ষণীয় যে কেঁচা সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে বিগত বৰ্ষত সুঁতাৰ মূল্য যথেষ্ট বৃদ্ধি পাইছিল ৷ আৰু এইবাৰ GST বৃদ্ধিৰ ফলত বস্ত্ৰ আৰু জোতা-চেণ্ডেলৰ মূল্যবৃদ্ধি হোৱাটো নিশ্চিত ৷

Leave A Reply

Your email address will not be published.