danewsplus.com
danewsplus.com

অষ্ট্ৰেলিয়াৰ দখলত ২০২১-২২ৰ এছেজ ছিৰিজ

0 179

ডিজিটেল ডেস্কঃমেলব’ৰ্নত অনুষ্ঠিত ছিৰিজৰ তৃতীয়খন টেষ্টত এক ইনিংছ ১৪ ৰানৰ ব্যৱধানত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হ’ল ইংলেণ্ড৷ প্ৰথম ইনিছংত ১৮৫ ৰানতে সকলো উইকেটৰ পতন ঘটা ইংলেণ্ডে অষ্ট্ৰেলিয়াৰ ২৬৭ ৰানৰ প্ৰত্যুত্তৰত দ্বিতীয় ইনিংছ আৰম্ভ কৰিয়েই গভীৰ সংকটত পৰে। অষ্ট্ৰেলিয়াৰ শক্তিশালী বলিং আক্ৰমণৰ সন্মুখত দিশহাৰা হৈ পৰে ইংলেণ্ডৰ বেটছমেনসকল৷ ইটোৰ পিছত সিটোকৈ পতন ঘটিবলৈ ধৰে উইকেটৰ৷

অধিনায়ক জ’ ৰুট আৰু বেন ষ্ট’কছৰ বাহিৰে কোনো বেটছমেনেই সংগ্ৰহ কৰিব নোৱাৰিলে দুটা অংকৰ স্ক’ৰ৷ ৪জন বেটছমেনে বিদায় ল’বলগা হ’ল কোনো ৰান নকৰাকৈ৷ মাত্ৰ ৬৮ ৰানত সামৰণি পৰিল ইংলেণ্ডৰ দ্বিতীয় ইনিংছ৷ ৩-০ ব্যৱধানত এছেজ ছিৰিজ দখল কৰিলে কেংগাৰু বাহিনীয়ে৷ টেষ্টত অভিষেক ঘটা অষ্ট্ৰেলিয়াৰ পেছ বলাৰ স্ক’ট বোলেণ্ডে দ্বিতীয় ইনিংছত ৪ অভাৰত ৭ ৰানত ৬টা উইকেট দখল কৰি গঢ়িলে অভিলেখ৷ এই ছিৰিজত ইংলেণ্ডৰ প্ৰদৰ্শন বৰ্তমান পৰ্যন্ত অতি শোচনীয়৷ যাৰ ফলত দলটো কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে৷

Leave A Reply

Your email address will not be published.