danewsplus.com
danewsplus.com

ছলমানক দংশন কৰিলে সৰ্পই

0 142

ডিজিটেল ডেস্কঃ২৭ ডিচেম্বৰ, বলিউদৰ জনপ্ৰিয় অভিনেতা ছলমান খানৰ জন্মদিন। বহু অনুৰাগীয়ে উক্ত দিনটোত অভিনেতাজনৰ জন্মদিন পালন কৰিবলৈ আশাৰে বাট চাই থাকে। কিন্তু বলিউদৰ তাৰকা গৰাকীৰ জন্মদিনৰ এদিন পূৰ্বে এনে এক ঘটনা ঘটিল, যিয়ে চিন্তিত কৰি তুলিছে অনুৰাগীসকলক।
উল্লেখনীয় যে, প্ৰতিবাৰৰ দৰে ছলমান খানে এইবাৰো নিজৰ জন্মদিনৰ প্ৰাকক্ষণত পানভেলস্থিত ফাৰ্ম হাউচত উপস্থিত হৈছিল। আৰু উক্ত ফাৰ্মহাউচতে সাপে দংশন কৰে অভিনেতা জনক। ততাতৈয়াকৈ তেওঁক নৱী মুম্বাইৰ কাবাদ অঞ্চলৰ এমজিএম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই চিন্তাৰ কোনো কাৰণ নাই বুলি ইতিমধ্যে জানিবলৈ দিছে। কিয়নো ছলমানক দংশন কৰা সাপটো বিষাক্ত নহয়। আৰু বৰ্তমান অভিনেতা গৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.