danewsplus.com
danewsplus.com

ৰাজ্যত জাৰি নতুন SOP, দেওবাৰৰ পৰা মাস্ক নিপিন্ধিলেই ভৰিব জৰিমনা

0 338

ডিজিটেল ডেস্ক: দেওবাৰৰ পৰা মাস্ক নিপিন্ধিলেই ভৰিব লাগিব জৰিমনা। দেওবাৰে পুৱাৰ পৰাই ৰাজ্যত জাৰি হ’ব নতুন SOP। কলিয়াবৰত এক সংবাদমেলত এই কথা ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে, ৰাজ্যত নিশা ১১ বজাৰ পৰা পুৱা ৬ বজালৈ বাহাল থাকিব কাৰ্ফিউ। মহন্তই লগতে কয় যে, ৩১ ডিচেম্বৰৰ নিশা নাথাকে কাৰ্ফিউ। নিশা ১০ বজাত বন্ধ হ’ব লাগিব হোটেল, ধাবাসমূহ আৰু ৰাজ্যত ৫০% দৰ্শকেৰে চিনেমা হল খুলিব পাৰিব বুলি ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। লগতে কেশৱ মহন্তই কয় যে, অ’মিক্ৰনৰ সংক্ৰমণ ৰুধিবলৈ সম্পূৰ্ণ সাজু ৰাজ্য চৰকাৰ আৰু সকলো প্ৰকাৰে যুঁজিব অসমৰ স্বাস্থ‍্য বিভাগে।

উল্লেখনীয় যে, দেশৰ ১৭খন দেশত অ’মিক্ৰনৰ সংক্ৰমণ হৈছে। বৰ্তমানলৈকে দেশৰ ৪১৫গৰাকী লোক আক্ৰান্ত হৈছে অ’মিক্ৰনত। অসমত এইপৰ্যন্ত কোনো লোক অ’মিক্ৰনত আক্ৰান্ত হোৱা নাই।

Leave A Reply

Your email address will not be published.