danewsplus.com
danewsplus.com

মহাকাশলৈ নাছাৰ নতুন টেলিস্কোপ, আঁৰত অসমীয়া সন্তান

0 501

ডিজিটেল ডেস্কঃ ব্ৰহ্মাণ্ডৰ ৰহস্য উন্মোচনৰ উদ্দেশ্যে মহাকাশলৈ নাছাৰ নতুন টেলিস্কোপ ৷ শনিবাৰে বিয়লি উৎক্ষেপণ কৰা হ’ব হাব’লতকৈও বৃহৎ জেইমছ ৱেব স্পেইচ টেলিস্কোপ ৷ পূৰ্বৰ হাব’ল টেলিস্কোপৰ উত্তৰাধিকাৰ হ’ব ৯০০ কোটি মাৰ্কিন ডলাৰ ব্যয়ৰে নিৰ্মাণ কৰা ৬,৩৫০ কিলোতকৈ অধিক ওজনৰ এই অত্যাধুনিক টেলিস্কোপটো ৷

হাব’ল টেলিস্কোপতকৈ এই টেলিস্কোপটো তিনিগুণ ডাঙৰ ৷ প্ৰায় দুই দশক ধৰি নাছাই কৰা গৱেষণাৰ ফচল হৈছে এই টেলিস্কোপটো ৷ এই টেলিস্কোপ সম্পৰ্কীয় গৱেষণাত যোৱা কেইবাবছৰ ধৰি জড়িত হৈ আছিল এজন অসমীয়া যুৱ পদাৰ্থ বিজ্ঞানী ৷ এই বিজ্ঞানীজন হৈছে নৰ্থ কেৰলিনা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ সহযোগী অধ্যাপক ৰংমন বৰদলৈ ৷

টেলিস্কোপটো উৎক্ষেপণৰ প্ৰাকক্ষণত এতিয়া চৰ্চালৈ আহিছে ৰংমন বৰদলৈৰ নাম ৷ ব্লেক হোল সম্পৰ্কীয় গৱেষণাতো পূৰ্বে জড়িত আছিল ৰংমন বৰদলৈ৷ শনিবাৰে বিয়লি ফ্ৰেন্স গায়েনাৰ পৰা ইউৰোপীয়ান স্পেইচ এজেন্সীৰ ৰকেটৰ সহায়ত উৎক্ষেপণ কৰা হ’ব নাছাৰ এই টেলিস্কোপটো ৷

Leave A Reply

Your email address will not be published.