danewsplus.com
danewsplus.com

উন্মোচন কৰা হ’ল লাভলীনা বৰগোহাঁইক লৈ লিখা গ্ৰন্থ

0 224

ডিজিটেল ডেক্স: উন্মোচন হ’ল অসম গৌৰৱ লাভলীনা বৰগোহাঁইক লৈ লিখা গ্ৰন্থ ‘খেলৰত্ন লাভলীনা বাৰমুখীয়াৰ পৰা টকিঅ’লৈ’৷ অধ্যাপক বিশ্বজিৎ ফুকনে প্ৰণয়ন কৰি উলিয়াই এই গ্ৰন্থখন উন্মোচন কৰা হয় নেহৰু ষ্টেডিয়ামত৷ গোলাঘাটৰ বাৰমুখীয়াৰ পৰা টকিঅ’ অলিম্পিকলৈ লাভলীনাৰ যাত্ৰাৰ মনোৰম কাহিনীৰে সমৃদ্ধ এই বিশেষ গ্ৰন্থখন৷ গ্ৰন্থখন উন্মোচন কৰে Da NEWS PLUSৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই৷ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে অলিম্পিয়ান লাভলীনা বৰগোহাঁই, ক্ৰীড়ামন্ত্ৰী বিমল বৰা, অসম সাহিত্য সভাৰ সম্পাদক যাদৱ শৰ্মা, জ্যেষ্ঠ সাংবাদিক প্ৰাণজিৎ শইকীয়া, লক্ষ্য কোঁৱৰ, অদিপ ফুকন, লাভলীনাৰ পিত-মাতৃকে ধৰি আন বহুজন৷ উন্মোচনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি লাভলীনা বৰগোহাঁইয়ে আগন্তুক পৰিকল্পনাসমূহৰ বিষয়ে মন্তব্য ৰখাৰ লগতে অলিম্পিক যাত্ৰাৰ পূৰ্বৰে পৰা গ্ৰন্থখনৰ বাবে কষ্ট কৰাৰ বাবে দেৱজিৎ ফুকনত ধন্যবাদ জ্ঞাপন কৰে৷

Leave A Reply

Your email address will not be published.