danewsplus.com
danewsplus.com

অপহৰণৰ পৰা ৰক্ষা পোৱাৰ চেষ্টা! চলন্ত অট’ৰ পৰা জপিয়ালে মহিলাই

0 170

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ গুৰুগ্ৰামত অপহৰণকাৰীৰ কৱলৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে ৩৫-৪০ কিলোমিটাৰ গতিবেগত গৈ থকা এখন অটোৰিক্সাৰ পৰা জপিয়ালে এগৰাকী মহিলাই। মহিলাগৰাকীয়ে অকলশৰে যাত্ৰা কৰাৰ সময়ত অপহৰণকাৰীৰ কৱলত পৰাৰ উমান লাভ কৰিয়েই এনেদৰে জপিওৱা বুলি সদৰি কৰিছে। উল্লেখ্য যে, প্ৰথম অৱস্থাত অটোখন ঠিকেই গৈ আছিল যদিও কিছুদূৰ যোৱাৰ পিছতে চালকগৰাকীয়ে সলনি কৰে যাত্ৰা পথ। সেই কাৰ্যত মহিলাগৰাকীৰ সন্দেহ হয় আৰু চালকগৰাকীক প্ৰশ্ন কৰে। কিন্তু চালকগৰাকীৰ পৰা কোনো ইতিবাচক সহাৰি লাভ নকৰাত চিন্তিত হয়।

তাৰ পিছতে অপহৰণকাৰীৰ কৱলত পৰাতকৈ ঘূণীয়া হ’লেও অটোখনৰ পৰা জপিওৱাৰ সিদ্ধান্ত লয় মহিলা যাত্ৰীগৰাকীয়ে। এই কথা তেওঁ নিজ মুখে স্বীকাৰো কৰিছে। মহিলাগৰাকীয়ে সংবাদমাধ্যমক কয় যে, ‘অটো চালকজনে জানি বুজি বেলেগ ৰাষ্টাইদি গতি কৰিছিল আৰু তেওঁক বহুবাৰ সোধাৰ পাছতো তেওঁ কোনোধৰণৰ উত্তৰ দিবলৈ সক্ষম নহয়। অপহৰণতকৈ শৰীৰৰ হাড় ভঙাটোৱেই ভাল’।

উল্লেখযোগ্য যে, দেশত প্ৰতি দিনে বৃদ্ধি পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা। আৰক্ষী প্ৰশাসনে এনে ঘটনা হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে যদিও সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ সক্ষম হোৱা নাই। যাৰ ফলত গুৰুগ্ৰামৰ এই ঘটনাটোৱে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে।

Leave A Reply

Your email address will not be published.