danewsplus.com
danewsplus.com

ISRO ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত অসম কন্যা নাজনীন ইয়াছমিন

0 72

ডিজিটেল ডেস্কঃ ৰাজ্যৰ লগতে নগাওঁ জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী মেধাৱী ছাত্ৰীয়ে। ISRO ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে অসম কন্যা। নগাঁৱৰ জুৰিয়া মাহেৰীপাৰ গাঁৱৰ নাজনীন ইয়াছমিনে কঢ়িয়াই আনিছে এই সাফল্য।

নগাওঁ জিলাৰ জুৰিয়া কদমনি টাউন হাইস্কুলৰ শিক্ষক দম্পতী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা নাজনীন ইয়াছমিন। নাজনীনৰ এই সফলতাত গৌৰৱাম্বিত পিতৃ-মাতৃ, পৰিয়ালৰ লগতে নগাওঁবাসী।

প্ৰতি দিনে ৭/৮ ঘণ্টা অধ্যয়ন কৰিছিল নাজনীনে। কল্পনা চাওলাক নিজৰ আদৰ্শ হিচাপে লৈ কল্পনা চাওলাৰ বিষয়ে অধ্যয়ন কৰিছিল এই মেধাৱী ছাত্ৰীগৰাকীয়ে।

Leave A Reply

Your email address will not be published.