danewsplus.com
danewsplus.com

ৰাজ্যত পুনৰ আৰম্ভ কয়লা চিণ্ডিকেট,দৈনিক মেঘালয়ৰ পৰা আহে ১৫০ৰো অধিক কয়লা ট্ৰাক

0 408

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ আৰম্ভ কয়লা চিণ্ডিকেট ৷ কয়লাৰ এটা ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ পৰিছে বকো, যোগীঘোপাৰ লগতে নামনি অসমৰ বিভিন্ন প্ৰান্তত ৷ এই চক্ৰটোৰ উদ্যোগত দৈনিক মেঘালয়ৰ পৰা অসমত প্ৰৱেশ কৰে ১৫০ ৰো অধিক অবৈধ কয়লাভৰ্তি ট্ৰাক। ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত ছিণ্ডিকেট চক্ৰটোৱে কয়লাৰ এই বৃহৎ চিণ্ডিকেট চলাই যোৱাৰ অভিযোগ উঠিছে ৷

তথ্য অনুসৰি মেঘালয়ৰ পৰা নামনি অসমলৈ কয়লা সৰবৰাহ কৰোতে এখন গাড়ীত খৰছ হয় লক্ষাধিক টকা ৷ দৈনিক চালানবিহীনভাৱে এই পথছোৱাত নিতৌ সৰবৰাহ হৈছে কয়লাভৰ্তি ট্ৰাক। এই চিণ্ডিকেটৰাজৰ তদন্তৰ বাবে দেওবাৰে বকোত কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিক উপস্থিত হয় যদিও ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰহস্যৰ সৃষ্টি হৈছে ৷ উপায়ুক্তগৰাকী নিৰ্দিষ্ট ঘটনাস্থলীলৈ নগৈ বকোৰ গড়কাপ্তানী অতিথিশালাত মাত্ৰ কেইজনমান ব্যক্তিৰ সৈতে মিলিত হৈ দায়িত্ব সামৰে বুলিও অভিযোগ উত্থাপন হৈছে ৷ ইফালে, উপায়ুক্ত গৰাকী উপস্থিত হোৱাৰ পিছতো নিশা পুনৰ আৰম্ভ হয় এই অবৈধ কয়লাৰ সৰবৰাহ ৷

কয়লা সৰবৰাহত ব্যৱহৃত ট্ৰাকসমূহত নাথাকে চালান অথবা কোনো তথ্য, নাথাকে কোনো ছীল-মোহৰ। এই কয়লা ব্যৱসায়ৰ এটা অংশ মেঘালয় চৰকাৰলৈ আৰু আন এটা অংশ ৰাজ্য চৰকাৰলৈ যায় বুলিও একাংশই ক’ব খোজে ৷ ইফালে, এই অবৈধ কাৰ্যত আৰক্ষী প্ৰশাসনৰো হাত থকাৰ অভিযোগ সচেতন লোকৰ ৷

Leave A Reply

Your email address will not be published.