danewsplus.com
danewsplus.com

২১ বছৰৰ পূৰ্বে কোনো ছোৱালী বহিব নোৱাৰিব বিয়াত

0 428

ডিজিটেল ডেস্কঃ নাৰীৰ বিবাহক লৈ কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । নাৰীৰ বিবাহৰ বয়স বৃদ্ধিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন ৷ ১৮ৰ পৰা নাৰীৰ বিবাহৰ বয়স ২১লৈ বৃদ্ধি কৰাত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে ৷ ইয়াৰ লগে লগে এতিয়া শিশু বিবাহ নিষিদ্ধ আইন, বিশেষ বিবাহ আইন, হিন্দু বিবাহ আইন সংশোধনৰো পৰিকল্পনা চলিছে ৷

২০২০ চনৰ ডিচেম্বৰত নিতি আয়োগত নাৰীৰ বিবাহৰ বয়স সম্পৰ্কত কেন্দ্ৰৰ টাস্ক ফ’ৰ্চে দাখিল কৰিছিল প্ৰতিবেদন ৷ এই প্ৰতিবেদনৰ ভিত্তিতে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায় বয়স বৃদ্ধিৰ প্ৰস্তাৱত ৷


Leave A Reply

Your email address will not be published.