danewsplus.com
danewsplus.com

ৰাজ্যৰ বিমান যাত্ৰীসকলৰ বাবে সুখবৰ

0 259

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিমান যাত্ৰীসকলৰ বাবে সুখবৰ ৷ গুৱাহাটী আৰু পুনেৰ মাজত আৰম্ভ হ’ল পোনপটীয়া বিমান সেৱা ৷ এই বিমান চলাচল কৰিব ইণ্ডিগ’ই ৷ ৪,৭৮৯ টকাত এতিয়া গুৱাহাটীৰ পৰা যাব পুনেলৈ ৷ বৃহস্পতিবাৰে ভাৰ্ছুৱেল মাধ্যমেৰে এই বিমানসেৱা উদ্বোধন কৰে কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৷ এই অনুষ্ঠানত উপস্থিত থাকে ইণ্ডিগ’ৰ চীফ ষ্ট্ৰেটেজী এণ্ড ৰেভিনিউ অফিচাৰ সঞ্জয় কুমাৰ, লোকসভাৰ সাংসদ কুইন ওজা ৷

লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিমানবন্দৰ আৰু আদানী গ্ৰুপ আৰু ইণ্ডিগ’ৰ বিষয়ববীয়া ৷ প্ৰথমগৰাকী যাত্ৰীক বৃহস্পতিবাৰে দিয়া হয় ব’ৰ্ডিং পাছ ৷ এই বিমানসেৱাই ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে ৷

Leave A Reply

Your email address will not be published.