danewsplus.com
danewsplus.com

সাত বছৰীয়া শিশুৰ দেহত অ’মিক্ৰণ

0 182

ডিজিটেল ডেস্ক : বিশ্বজুৰি অ’মিক্রণক লৈ সতৰ্ক হোৱাৰ সমান্তৰালকৈ ভাৰততো অমিক্ৰণক ৰুধিবলৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাসমূহে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতৰ অধিকাংশ ৰাজ্যত এতিয়াও কোনো ব্যক্তিৰ শৰীৰত অ’মিক্ৰণৰ উপস্থিতি পোৱা নাই। কিন্তু শেষতীয়াকৈ পশ্চিমবঙ্গৰ নাম এই তালিকাৰ পৰা বাদ পৰিছে।

পশ্চিমবঙ্গৰ মূৰ্চিদাবাদ জিলাত বুধবাৰে প্ৰথমজন অ’মিক্রণ আক্ৰান্ত ব্যক্তি ধৰা পৰে। উদ্বেগজনক যে, অ’মিক্ৰনৰ উপস্থিতি ধৰা পৰিছে ৭ বছৰীয়া এজন শিশুৰ দেহত। এই কথা সদৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।

শিশুটি হায়দৰাবাদৰ পৰা আবু ধাবি হৈ পিতৃ-মাতৃৰ সৈতে পশ্চিমবঙ্গলৈ আহিছিল। উল্লেখনীয় যে, শিশুটিৰ পিতৃ-মাতৃৰ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ হিচাপে ধৰা পৰিছে।

Leave A Reply

Your email address will not be published.