danewsplus.com
danewsplus.com

দেৰগাঁৱত পৌৰসভা নিৰ্বাচনৰ ৰণশিঙা বজালে বিজেপিয়ে

0 129

ডিজিটেল ডেস্ক: আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে দেৰগাঁৱত ৰণশিঙা বজালে বিজেপিয়ে। দেৰগাঁও পৌৰ সভাৰ প্ৰভাৰী দায়িত্বত থকা খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত দেৰগাৱঁৰ ধৰমশালাত সমবেত হ’ল ভালে সংখ্যক বিজেপিৰ কৰ্মী।

মৃণাল শইকীয়াৰ অধ্যক্ষতাত সমাগত পৌৰসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত অনুষ্ঠিত কৰিলে এখন বৈঠক। বৈঠকৰ অন্তত মৃনাল শইকীয়াই সংবাদ মাধ্যমৰ সন্মুখত কয় যে এইবাৰ দেৰগাওঁ পৌৰসভাৰ ১০ খন আসনেই দখল কৰিব বিজেপিয়ে।

ইয়াৰ উপৰিও বিধায়ক মৃনাল শইকীয়াই কা-আন্দোলন প্ৰসংগত মন্তব্য কৰে যে শেহতীয়াকৈ আকৌ গা কৰি উঠা কা আন্দোলন ৰাইজে নিবিচাৰে। এইবাৰ আন্দোলন কৰে নে নকৰে সেই সিদ্ধান্ত ৰাইজে ল’ব।

Leave A Reply

Your email address will not be published.