danewsplus.com
danewsplus.com

হেক হ’ল প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউন্ট!

0 164

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিটকইন সম্পৰ্কীয় এটা টুইটে শনিবাৰে মাজনিশা ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰে। কিন্তু সেয়া আছিল কোনো হেকাৰৰ কাম। শনিবাৰে মাজনিশা হেক হ’ল প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউন্ট।

প্ৰধানমন্ত্ৰীৰ মোদীৰ টুইটাৰৰ  একাউণ্টৰ পৰা দিয়ে এটা বিশেষ  টুইট। টুইটোত লিখা আছিল যে কেন্দ্ৰ চৰকাৰে দিছে বিনামূলীয়া বিটকইন। ভাৰত চৰকাৰে বিটকইনত বিনিয়োগ কৰিছে আৰু সকলো ভাৰতীয়কে বিটকইন দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউন্ট হেক হোৱাৰ কিছুসময়ত পাছতেই একাউন্টটো পুনৰুদ্ধাৰ কৰাৰ লগতে ভুৱা টুইটসমূহ ডিলিট কৰা হয়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই সন্দৰ্ভত এক বিবৃতি দি কোৱা হৈছে যে,’’”The Twitter handle of PM @narendramodi was very briefly compromised. The matter was escalated to Twitter and the account has been immediately secured. In the brief period that the account was compromised, any Tweet shared must be ignored.”  Prime Minister’s Office (PMO) informed.”

প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউণ্ট হেক হোৱা ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে। একাংশই এয়া দেশৰ সুৰক্ষাৰ বাবে ভাবুকিস্বৰূপ বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এই সমগ্ৰ বিষয়টো টুইটাৰক জনোৱা বুলি টুইটাৰৰ জৰিয়তে জনাইছে।

Leave A Reply

Your email address will not be published.