danewsplus.com
danewsplus.com

খাদ্যত বিষক্ৰিয়া: প্ৰসাদ খাই মৃত্যু এজনৰ

0 165

ডিজিটেল ডেস্ক: কাছাৰৰ কাটিগড়াত খাদ্যত বিষক্ৰিয়া৷ বিষক্ৰিয়াত মৃত্যু ঘটিল এগৰাকী মহিলাৰ৷ বৰ্তমান চিকিৎসাধীন হৈ আছে ২৫জন৷ ইয়াৰে ৬জনৰ অৱস্থা সংকটজনক৷

কাটিগড়াৰ কুৰকুৰি চাহ বাগিচা ত ঘটিল এই ঘটনা৷ শালচাপৰাত এখন পূজাৰ অনুষ্ঠানৰ অন্তত এই লোকসকলে খাইছিল খিচিৰি আৰু প্ৰসাদ৷ ইয়াৰ পিছতে অসুস্থ হৈ পৰে এই লোকসকল৷ গুৰুতৰভাৱে অসুস্থ লোককেইজন চিকিৎসাধীন হৈ আছে শিলচৰ মেডিকেল কলেজ হাস্পতালত৷

Leave A Reply

Your email address will not be published.