danewsplus.com
danewsplus.com

সুৰাৰ দাম বৃদ্ধিৰ আঁৰত কি?

0 193

ডিজিটেল ডেস্ক:
১৫ শতাংশ দাম বৃদ্ধি হ’ল সুৰাৰ
ৰাজ্যজুৰি আৰম্ভ গুজব
ৰাজভঁড়াল পূৰ্ণ কৰাৰ বাবেই দাম বৃদ্ধি সুৰাৰ
সুৰাৰ ৰাজহেৰে উন্নয়ণ হ’ব বাট-পথ
স্বীকাৰোক্তি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ৰাজ্যৰ ৰাজভঁড়াল টনকীয়াল নহয় বুলি বাৰে বাৰে দাবী কৰি আহিছিল বিৰোধী দলসমূহে৷ ৰাজ্য চৰকাৰখনে সভাই সমিতিয়ে হিতাধিকাৰী সৃষ্টিৰ ঘোষণাৰ বাবে ৰাজভঁড়াল উদং হোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া৷ ইয়াৰ মাজতে
 
১০ ডিচেম্বৰৰ পৰা ৰাজ্যত ১০ শতাংশ বৃদ্ধি পাব সুৰাৰ মূল্য৷ সুৰাৰ পৰা ৰাজহ আদায় কৰি ৰাজভঁড়াল চহকী কৰাৰ চৰকাৰৰ পৰিকল্পনাৰ বিষয়ে ইতিমধ্যে ব্যাখ্যা কৰিছে বিভিন্ন মহলে৷ এইবাৰ সকলোৱে ভাবি থকা কথাটোয়ে কৈ দিলে ৰাজ্যৰআৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যেই৷

সুৰাৰ ৰাজহে টনকীয়াল কৰিব ৰাজ্যৰ ৰাজভঁড়াল
সুৰাৰ ৰাজহে উন্নয়ণ কৰিব অসমক

অকল এয়াই নহয়, ৰাজ্যৰ বাট-পথ উন্নয়ণ কৰাৰ বাবেও প্ৰয়োজন হৈছে সুৰাৰ ৰাজহ৷ সেয়েহে সুৰাৰ ৰাজহ বৃদ্ধিৰ আঁৰত উন্নয়ণৰ প্ৰশ্ন আছে বুলি অকপট স্বীকাৰোক্তি আৱকাৰী মন্ত্ৰী গৰাকীৰ৷ ইপিনে ৰাজ্য চৰকাৰে ৰেহাই দিয়া পেট্ৰ’ল-ডিজেলৰ কৰৰ ঘাটি পূৰণৰ বাবে সুৰাৰ কৰ বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে নেকি৷ তাক লৈয়ো ভিন্ন মহলত আৰম্ভ হৈছে চৰ্চা৷ অৱশ্যে সুৰাৰ পৰা অধিক ৰাজহ প্ৰয়োজন হ’লেও মদ নোখোৱাৰ সপক্ষেও যুক্তি দিবলৈ নাপাহৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷

মুঠতে যেন সত্য প্ৰমাণিত হ’ল বিৰোধীৰ দাবী৷ হিতাধিকাৰীকলৈ কেইবাটাও আঁচনি ঘোষণা কৰা ৰাজ্য চৰকাৰৰ ৰাজভঁড়াল সঁচাকৈয়ে উদং নেকি? এই প্ৰশ্নৰ উত্তৰ থাকিব কেৱল মাত্ৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগৰ হাতত৷

Leave A Reply

Your email address will not be published.