danewsplus.com
danewsplus.com

অৱশেষত বাতিল হ’ল হৰ্ণবিল মেলা

0 485

ডিজিটেল ডেস্ক:  বাতিল হ’ল বিশ্বখ্যাত হৰ্ণবিল মেলা
মনৰ ঘটনাৰ পিছতে নাগালেণ্ড চৰকাৰৰ সিদ্ধান্ত
AFSPA বাতিলৰ দাবীত নাগালেণ্ড কেবিনেটৰ প্ৰস্তাৱ

এক বিস্ফোৰক পৰিস্থিতিৰ মাজেৰে সোমাই পৰিছে নাগালেণ্ড৷ মন জিলাত সংঘটিত ভয়ংকৰ ঘটনাৰ পিছত ৰাজ্যখনত অব্যাহত আছে উত্তেজনা৷ ৰাজ্যখনত চলি থকা এই ভয়াৱহ পৰিস্থিতিৰ বাবেই বাতিল কৰা হ’ল বিশ্ববিখ্যাত হৰ্ণবিল মেলা৷ মঙলবাৰৰ কাৰ্যসূচীৰ পিছতে বাকী থকা তিনিটা দিনৰ কাৰ্যসূচী বাতিল৷

সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ বাবেও কেবিনেটে ল’লে প্ৰস্তাৱ

এই আইনখনৰ বাবেই মন জিলাত লোমহৰ্ষক ঘটনা সংঘটিত হ’বলৈ পালে বুলি অভিযোগ উত্থাপন হৈছে৷ দীৰ্ঘদিন ধৰি আইনখনৰ বিৰুদ্ধে চলি আছে প্ৰতিবাদ৷ আছাম ৰাইফলছৰ গুলীবৰ্ষণত ১৪জন লোক নিহত হোৱাৰ পিছত এই দাবী অধিক জোৰদাৰ হৈছে৷

প্ৰথমবাৰৰ বাবে কোনো এখন চৰকাৰে ল’লে AFSPA বাতিলৰ প্ৰস্তাৱ
মেঘালয়ৰ মুখ্যমন্ত্ৰীয়েও দাবী তুলিলে AFSPA প্ৰত্যাহাৰৰ

নাগালেণ্ড কেবিনেটে লোৱা এই সিদ্ধান্তই বিশেষ তাৎপৰ্য বহন কৰিছে৷ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মনৰ নৃশংস ঘটনাৰ পিছতে আইনখনৰ বিৰুদ্ধে সৰৱ হৈছিল৷ ইফালে গুলীবিদ্ধ হৈ এতিয়াও চিকিৎসাধীন হৈ আছে বহুকেইজন লোকে৷

AMCHত চিকিৎসাধীন গুলীবিদ্ধক বিনামূলীয়া চিকিৎসা
নিৰ্দেশ ড° মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

VO : মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে AMCHত চলি আছে আহতসকলৰ চিকিৎসা৷

Leave A Reply

Your email address will not be published.