danewsplus.com
danewsplus.com

নাগালেণ্ডৰ মন জিলাত ১৪৪ ধাৰা জাৰি

0 144

ডিজিটেল ডেস্ক: নাগালেণ্ডত শনিবাৰে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছতেই নাগালেণ্ডৰ মন জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। জিলাখনত সাময়িকভাৱে সেনাৰ সঞ্চালন স্থগিত কৰা হৈছে। ইয়াৰোপৰি টিজিত এৰিয়া ষ্টুডেণ্ট ইউনিয়নে নাগালেণ্ডত ১২ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে।

ইফালে নাগালেণ্ডৰ নিৰীহ হত্যা কাণ্ডৰ তদন্তৰ বাবে নাগালেণ্ড আৰক্ষীৰ বিভিন্ন শাখাৰ বিষয়াক লৈ ইতিমধ্যে তদন্ত সমিতি গঠন কৰা হৈছে। এই সন্দৰ্ভত নাগালেণ্ড চৰকাৰে তত্কালীনভাৱে তদন্ত সমিতিক ঘটনাস্থলী পৰিদৰ্শন, তথ্য-প্ৰমাণ সংগ্ৰহৰ নিৰ্দেশ প্ৰদান কৰি এমাহৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে । 

Leave A Reply

Your email address will not be published.