danewsplus.com
danewsplus.com

হাতীগাৱঁত উদ্ধাৰ হোৱা মৃতদেহৰ ৰহস্য ফাদিল

0 405

ডিজিটেল ডেস্ক : হাতীগাৱঁৰ লখিমী নগৰৰ চিন্ময় পথৰ আটাউৰ ৰহমানৰ হাউছ নং ৬০-ত উদ্ধাৰ হোৱা মিলন ছেত্ৰীৰ মৃত্যুৰ ৰহস্য বহুদিন ধৰি ফাদিল হোৱা নাছিল ৷ কিন্তু শেষতীয়াকৈ মৃতদেহৰ মৰণোত্তৰ প্ৰতিবেদনে প্ৰকাশ কৰিলে মিলন ছেত্ৰীৰ মৃত্যুৰ ৰহস্য।

উল্লেখনীয় যে,১৮ নৱেম্বৰৰ পৰা সন্ধানহীন মিলন ছেত্ৰীৰ উৱঁলি যোৱা মৃতদেহ উদ্ধাৰ হৈছিল ২২ নৱেম্বৰত। বন্ধ কোঠালীত উদ্ধাৰ হোৱা মৃতদেহটোক লৈ প্ৰথমাৱস্থাত ৰাজ্যজুৰি এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু সৰহ সংখ্যকে কোনো দুৰ্বৃত্তই মিলন ছেত্ৰীক হত্যা কৰাৰ সন্দেহ কৰিছিল ৷

কিন্তু দিছপুৰ আৰক্ষীয়ে তদন্ত কৰা এই ঘটনাৰ মৰণোত্তৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে,অত্যাধিক মদ্যপান সেৱনৰ বাবে হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল মিলন ছেত্ৰীৰ।বন্ধ কোঠাৰ ভিতৰতে মিলনৰ মৃতদেহ পাইছিল যদিও সন্ধান পোৱা নাছিল মিলনৰ মোবাইলৰ। তদন্তৰ শেষত মিলনে মোবাইলটো পানবজাৰত বিক্ৰী কৰা সন্দেহ কৰিছে আৰক্ষীয়ে।

লগতে আৰক্ষীয়ে উল্লেখ কৰিছে যে,পাৰিবাৰিক সংঘাটেৰে জৰ্জৰিত মিলন ছেত্ৰীৰ বিভিন্ন জনৰ লগত টকাৰ লেনদেন আছিল ৷ বহু ব্যক্তিক দিবলৈ আছিল ধাৰে লোৱা টকা ৷ যাৰ বাবে কোঠালিটোৰ আগফালে তলা বন্ধ কৰি কোঠালিৰ ভিতৰত বহু সময় ধৰি মদ্যপান কৰিছিল মিলন ছেত্ৰীয়ে আৰু শেষত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল ৷

Leave A Reply

Your email address will not be published.