danewsplus.com
danewsplus.com

সিদ্ধাৰ্থৰ স্মৃতি সুঁৱৰি বিগ বছলৈ পুনৰ ছেহনাজ

0 175

ডিজিটেল ডেস্ক :  অতীতক বিচাৰি পুনৰ  বিগ বচ ১৫ লৈ আহিব ছেহনাজ গিল। বিগ বছ-১৫ত পুনৰ ৱাইল্ডকাৰ্ড যোগে আগমন ঘটিব ছেহনাজ  গিলৰ৷ অকালতে প্ৰাণ হেৰুওৱা বন্ধু সিদ্ধাৰ্থ শুক্লাৰ লগত থকা স্মৃতি ৰোমন্থন কৰি আকৌ বিগ-বছৰ পদূলিত খোজ থ’ব ছেহনাজে ৷ ‘ছিদনাজ’ নামেৰে চৰ্চিত হৈছিল দুয়ো৷ অতি কম সময়ৰ ভিতৰত অনুৰাগীৰ হৃদয় জিনিছিল এই যুগলবন্দীয়ে৷ ৰূপালী পৰ্দাত দুয়োৰে সম্বন্ধই সকলোকে আপ্লুত কৰিছিল৷ কিন্তু হৃদ ৰোগত আক্ৰান্ত হৈ আকস্মিকভাৱে আঁতৰি গ’ল সিদ্ধাৰ্থ। সেয়ে সিদ্ধাৰ্থৰ স্মৃতি  সোৱঁৰি  ছেহনাজ আকৌ উভতি আহিব বিগ বছলৈ৷

সাম্প্ৰতিক কালাৰ্ছ টেলিভিছনৰ পৰ্দাত সম্প্ৰচাৰ হৈ আছে বিগ বছ-১৫ৰ নৱতম সংস্কৰণ৷ ইতিমধ্যে এই অনুষ্ঠানটোৱে আমোদ দিবলৈ সক্ষম হৈছে দৰ্শকক৷ আৰু তেনে সময়তে ছেহনাজ গিলৰ বিগ বছ হাউছত আগমনৰ ইংগিত বহন কৰিছে৷ ইতিমধ্যেই ছেহনাজে ‘বিগ বছ ১৩’ৰ যোগেদি দৰ্শকক হৃদয় জিনিবলৈ সক্ষম হৈছিল৷ আৰু তেনেদৰে ছেহনাজৰ অনুৰাগীও আগতকৈ বহু বৃদ্ধি পাইছিল৷ সিদ্ধাৰ্থ আৰু ছেহনাজৰ যুগলে বিগ বছ-১৩ ত বহু আলোড়নৰ সৃষ্টি কৰিছিল৷ বিগ বছ-১৫ত আকৌ আহিব ছেহনাজ গিল৷ এই খবৰটোৱে উৎফুল্লিত কৰিছে অনুৰাগীসকলক৷এতিয়া অনুৰাগীসকলৰ এটাই অপেক্ষা বিগ বছৰ ঘৰত কেতিয়া প্ৰৱেশ কৰিব ছেহনাজে?

Leave A Reply

Your email address will not be published.