danewsplus.com
danewsplus.com

বৰপেটাত উদযাপিত হ’ল বিশ্ব অক্ষমতা দিৱস

0 142

ডিজিটেল ডেস্ক: আজি বিশ্ব অক্ষমতা দিৱস। বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাতো বিশেষভাবে সক্ষম লোকসকলক প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে জিলা বিকলাংগ সন্থাৰ মুখ্য কাৰ্যালয়ত উদযাপন কৰা হয় “বিশ্ব অক্ষমতা দিৱস”।

বৰপেটা জিলা বিকলাংগ সন্থাৰ উদ্যোগত বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থা, জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা আইন সেৱা প্ৰাধিকাৰীৰ সহযোগত অনুষ্ঠিত মুকলি সভাত বিশেষভাবে সক্ষম ছাত্ৰী পূৰ্ণিমা কলিতাক প্ৰদান কৰা হয় “প্ৰেৰণা বটা”

উল্লেখ্য যে, জ্যেষ্ঠ সাংবাদিক পুলেন্দ্ৰ দাসে আতধৰা সভাখনত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান বৰপেটা জিলাৰ তৰফৰ পৰা ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা তপোবনৰ ছাত্ৰী পূৰ্ণিমা কলিতাক এই বঁটা প্ৰদান কৰে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে।

বৰপেটাৰ জ্যেষ্ঠ সাংবাদিক কমলেশ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, বিদ্যালয় সমূহৰ পৰিদৰ্শক মনোৰঞ্জন কাকতি, বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল কুমাৰ দাস, বিশিষ্ট সমাজসেৱক হেমন্ত কুমাৰ দেউৰী, জ্ঞানম সংগীত একাডেমিৰ অধ্যক্ষা কাকলি দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশেষভাবে সক্ষম ব্যক্তি আৰু ছাত্র ছাত্ৰী সকলৰ উপস্থিতিত জিলাখনত অনুষ্ঠিত কৰা হয় বিশ্ব অক্ষমতা দিৱস।

Leave A Reply

Your email address will not be published.