danewsplus.com
danewsplus.com

সংসদত উদাত্ত কণ্ঠৰে মোদী চৰকাৰক সমালোচনা সাংসদ গৌৰৱ গগৈৰ

0 166

ডিজিটেল ডেস্ক : কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে সংসদত পুনৰ এক উদাত্ত ভাষণেৰে বৰ্তমানৰ ক’ভিড পৰিস্থিতি আৰু সাধাৰণ জনগণৰ অৱস্থা তথা স্বাস্থ্য সুৰক্ষাৰ কথা সাঙুৰি বিজেপি চৰকাৰক সমালোচনা কৰিছে ।

সংসদত গৌৰৱ গগৈয়ে মন্তব্য কৰে যে, যেতিয়া ২০২০ চনৰ নৱেম্বৰ মাহতেই ৰাহুল গান্ধীয়ে মোদী চৰকাৰক ক’ভিড ভেকচিন প্ৰদানৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছিল সেই সময়ত মোদী চৰকাৰে দেশৰ জনতাক ভেকচিন দিয়াৰ পৰিৱৰ্তে বিদেশলৈ ক’ভিড ভেকচিন ৰপ্তানি কৰিছিল।

সাংসদ গৰাকীয়ে ভাষণৰ মাজতে বিগত বৰ্ষত দেশৰ জিডিপি নিম্নগামী হোৱাৰ কথাও উল্লেখ কৰে । নৰেন্দ্ৰ মোদীক নিজৰ গাঁওলৈ গৈ বৰ্তমান নিবনুৱা বৃদ্ধি পাইছে নে হ্ৰাস পাইছে, আৰু লগতে কৃষকক তেওঁলোকৰ ক’ভিডৰ পূৰ্বৰ অৱস্থা আৰু ক’ভিডৰ পাছৰ অৱস্থাৰ বিষয়ে সুধিবলৈও গৌৰৱ গগৈয়ে আহ্বান জনায়।

চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ মাজতে গৌৰৱ গগৈয়ে দেশবাসীক প্ৰশংসা কৰি কয় যে, ভাৰতৰ জনতাই যিকোনো পৰিস্থিতি সন্মুখীন হ’ব পৰাকৈ সজাগ সচেতন হৈ থাকে। নিকা মনেৰে ৰাইজে নিজৰ কামত মনোনিবেশ কৰি নিজৰ দায়িত্ব পালন কৰিছে।

সাংসদ গৰাকীয়ে মোদী চৰকাৰক এখন অতি কঠোৰ চৰকাৰ আখ্যা দি মন্তব্য কৰে যে, যি সময়ত ক’ভিড মহামাৰী, নিবনুৱা সমস্যাই দেশৰ জনতাক জুৰুলা কৰিছে সেই সময়ত চৰকাৰখনে ৰন্ধন গেছ, পে’ট্ৰল, ডিজেল কেৰাচিনৰ মূল্য বৃদ্ধি কৰিছে । লগতে কয় যে, দেশত আজি এনে পৰিস্থিতি আহি পৰিল য’ত দুখীয়া জনতাৰ পৰা ধন সংগ্ৰহ কৰাৰ বিনিময়ত চৰকাৰে বৰ্তমান জনগণক ভেকচিন প্ৰদান কৰাৰ অজুহাত দিয়ে। তেওঁ কয় যে, যদিহে চৰকাৰৰ হাতত ধনৰ অভাৱ আছিল তেন্তে বৃহৎ কোম্পানীবোৰৰ পৰা ল’ব লাগিছিল, আৰবপতি সকলৰ পৰা ল’ব লাগিছিল যাৰ ধাৰ চৰকাৰে ৰাজহুৱা খণ্ডৰ বেংকত মাফ কৰি দিছিল।

গৌৰৱ গগৈয়ে চৰকাৰখনক ক’ভিডত মৃত্যু হোৱাৰ লোকৰ প্রকৃত তথ্য দাঙি ধৰিবলৈও দাবী জনায়। লগতে ক’বিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক চৰকাৰখনে আৰ্থিক সাহাৰ্য দিবলৈ অসমৰ্থ হোৱাৰ কথাও ভাষণত উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.