danewsplus.com
danewsplus.com

গোৱালপাৰা জিলাৰ চৈ বাৰীৰ এটা পুখুৰীৰ পৰা বনবিভাগে উদ্ধাৰ কৰে ৫টা হাতী

0 157

ডিজিটেল ডেস্ক: বন বিভাগৰ জোৱানে বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ এটা বোকাভৰ্তি পুখুৰীত আৱদ্ধ হৈ থকা পাঁচটা হাতী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বুধবাৰে নিশা গোৱালপাৰা জিলাৰ লক্ষিপুৰৰ ওচৰৰ চৈ বাৰী অঞ্চলত এটা পোৱালিসহ পাঁচটা বনৰীয়া হাতী পুখুৰীত আৱদ্ধ হৈ পৰে।
স্থানীয় লোকসকলৰ মতে, হাতীৰ এটা জাক খাদ্যৰ সন্ধানত ওচৰৰ পাহাৰৰ পৰা অঞ্চলটোলৈ আহিছিল। বুধবাৰে নিশা জাকটোৰ পৰা পাঁচটা হাতী পুখুৰীত সোমাই পৰিছিল।
স্থানীয় লোকসকলে ঘটনাটোৰ বিষয়ে জানিব পাৰি ততাতৈয়াকৈ স্থানীয় বন বিভাগক এই বিষয়ে অৱগত কৰে। শেষত স্থানীয় বাসিন্দা আৰু বন বিভাগৰ নেৰানেপেৰা প্ৰচেষ্টাত বৃহস্পতিবাৰে পুৱা হাতীকেইটাক উদ্ধাৰ কৰা হয়।

Leave A Reply

Your email address will not be published.