danewsplus.com
danewsplus.com

আহি আছে সাগৰীয় ধুমুহা ‘জাৱাদ’

0 204

ডিজিটেল ডেস্ক: কভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ ভয়াবহতাৰ মাজতে দেশৰ বহু ৰাজ্যত সাগৰীয় ধুমুহা জাৱাদৰ আতংকই দেখা দিছে। ২৪ ঘণ্টাৰ ভিতৰত ‘জাৱাদে’ বংগোপসাগৰত খুন্দিওৱাৰ আশংকা কৰিছে। ‘জাৱাদ’ৰ বাবে অন্ধ্ৰপ্ৰদেশ, ওড়িশা, পশ্চিমবংগত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে। ৪ ডিচেম্বৰৰ পুৱা ৮০-৯০ কিলোমিটাৰ প্ৰতি ঘন্টাৰ গতিবেগত ওড়িশাত খুন্দা মৰাৰ সম্ভাৱনা আছে এই জাৱাদে। 

ইতিমধ্যে ‘জাৱাদ’ক লৈ ওড়িশা চৰকাৰে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি, উপকূলীয় অঞ্চলত নিয়োজিত কৰা হৈছে ২৬৬ টা NDRFৰ দল। ৰাজ্যখনৰ ১৪খন উপকূলীয় জিলাত ৰেড এলাৰ্ট জাৰি কৰা লগতে ‘জাৱাদ’ক লৈ ইতিমধ্যে উচ্চস্তৰীয় পৰ্যালোচনাৰ বৈঠক অনুষ্ঠিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 

Leave A Reply

Your email address will not be published.