danewsplus.com
danewsplus.com

অঞ্জু ববী জৰ্জলৈ বিশ্ব এথলেটিকছৰ “Woman of the year” বঁটা

0 160

ডিজিটেল ডেস্কঃপ্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় লং-জাম্প খেলুৱৈ অঞ্জু ববী জৰ্জক চলিত বৰ্ষৰ “Woman of the year” বঁটাৰে সন্মানিত কৰিলে বিশ্ব এথলেটিকছে। খেলুৱৈ গৰাকীক ১ নৱেম্বৰত ভাৰ্চুৱেল মাধ্যমেৰে আয়োজিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। বৰ্তমানেও সক্ৰিয়ভাৱে এই খেলৰ সৈতে জড়িত হৈ আছে খেলুৱৈ গৰাকী। ২০১৬ চনত জৰ্জে মহিলাসকলৰ বাবে লং-জাম্পৰ প্ৰশিক্ষণ একাডেমী প্ৰতিষ্ঠা কৰে।

ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ জ্যেষ্ঠ উপ-সভাপতিৰ দায়িত্বত থাকি অঞ্জু ববী জৰ্জে লিংগ বৈষম্য দূৰ কৰাৰ বাবে প্ৰয়াস কৰি আহিছে। ২০০৩ চনৰ বিশ্ব-চেম্পিয়নশ্বিপৰ ব্ৰঞ্জপদক বিজয়ী গৰাকীক দেশত নিৰন্তৰ পৰিৱৰ্তনৰ কণ্ঠস্বৰ আৰু যুৱতীসকলক ক্ৰিয়া দিশত আগুৱাই নিয়াৰ বাবে “Woman of the year” বঁটা প্ৰদান কৰা হয়।

Leave A Reply

Your email address will not be published.