danewsplus.com
danewsplus.com

সাৱধান: ভাৰতত প্ৰৱেশ “অ’মাইক্ৰন”: দুজনৰ দেহত ধৰা পৰিছে এই ভেৰিয়েন্ট

0 146

ডিজিটেল ডেস্ক: ক’ৰোনা ভাইৰাছৰ নতুন ভেৰিয়েন্টক লৈ বিশ্বব্যাপী সৃষ্টি হোৱা উদ্বেগৰ মাজতে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে বুধবাৰে ভাৰতত নিশ্চিত কৰিছে অ’মাইক্ৰনৰ দুটাকৈ ঘটনা। ভাৰতৰ কৰ্ণাটকত দুজন ব্যক্তিৰ দেহত চিনাক্ত কৰা হৈছে অ’মাইক্ৰন।

অ’মাইক্ৰন ভেৰিয়েন্ট প্ৰথমে দক্ষিণ আফ্ৰিকাত চিনাক্ত কৰা হৈছিল আৰু তেতিয়াৰ পৰাই ২৯ খন দেশলৈ বিয়পি পৰিছে। কৰ্ণাটকত অ’মাইক্ৰন চিনাক্ত হোৱাৰ লগে লগে ভাৰত চৰকাৰে ইতিমধ্যে আন্তৰ্জাতিক ভ্ৰমণকাৰীসকলৰ বাবে কঠোৰ নীতি-নিয়ম ৰূপায়ণ কৰিছে।

নতুন নিৰ্দেশনাৱলীত কেন্দ্ৰই বিপদসংকূল দেশবোৰৰ পৰা অহা যাত্ৰীসকলৰ বাবে এক RTPCR পৰীক্ষা বাধ্যতামূলক কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক সাৱধানতা অৱলম্বন কৰিবলৈও নিৰ্দেশ দিছে

Leave A Reply

Your email address will not be published.