danewsplus.com
danewsplus.com

KBCত জিলিকিল অসমৰ কিশোৰী

0 169

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিল অসম কন্যা ৰাজনন্দিনী কলিতা। জনপ্ৰিয় টিভি ৰিয়েলিটি শ্ব’ Kaun Banega Crorepati ত গুৱাহাটীৰ ১৪ বছৰীয়া কিশোৰী ৰাজনন্দিনী কলিতাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। কিশোৰী  ৰাজনন্দিনী কলিতাই  অনুষ্ঠানটোত তেওঁৰ অনুপ্ৰেৰণামূলক ভাষণৰ জৰিয়তে অভিনেতা অমিতাভ বচ্চনৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।

ৰাজ নন্দিনীৰ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ সপোন।ভাষণ দিয়াৰ প্ৰতি থকা আগ্ৰহৰ কথা সদৰি কৰাত বিগ বিয়ে অনুষ্ঠান চলি থকাৰ মাজতেই উপস্থিত সকলক সাংসদ বুলি কল্পনা কৰি ভাষণ দিবলৈ কয়। ৰাজ নন্দিনীয়ে তেওঁৰ ভাষণত দেশত শিক্ষাৰ গুৰুত্বৰ ওপৰত বক্তব্য ৰাখে। কোনো খোকোজা নলগাকৈ সুন্দৰকৈ প্ৰদান কৰা ভাষণৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

ৰাজনন্দিনীৰ প্ৰতিভাক প্ৰশংসা কৰি ডাঙৰ ডাঙৰ নেতাসকলেও এনে ভাষণ দিব নোৱাৰে বুলি  ছাত্ৰীগৰাকীক প্ৰেৰণা দিয়ে মেগাষ্টাৰ অমিতাভ বচ্চনে। ‘Kaun Banega Crorepati’ ত অংশগ্ৰহণ কৰি সবৰ্মুঠ ৫০ লাখ টকা জিকিবলৈ সক্ষম হয় গুৱাহাটীৰ ৰাজনন্দিনীয়ে।

Leave A Reply

Your email address will not be published.