danewsplus.com
danewsplus.com

অসম দিৱসত ক’ত কেনেকৈ স্মৰণ কৰা হ’ল চাওলুং চ্যুকাফাক

0 148

ডিজিটেল ডেস্কঃ চাওলুং চ্যুকাফাক ৰাজ্যজুৰি স্মৰণ
অসম দিৱস উপলক্ষে প্ৰান্তে প্ৰান্তে বিভিন্ন কাৰ্যসূচী

সাম্য, মৈত্ৰী আৰু একতাৰ বাণীৰে এখন বৃহত্তৰ অসমৰ গঢ় দিওঁতা প্ৰবাদ প্ৰতীম চাওলুং চ্যুকাফাক সোঁৱৰিলে ৰাজ্যবাসীয়ে৷ ১২২৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই অসমত প্ৰৱেশ কৰিছিল স্বৰ্গদেউ চাওলুং চ্যুকাফাই৷ এই পৱিত্ৰ দিনটো ৰাজ্যবাসীয়ে পালন কৰি আহিছে অসম দিৱসৰূপে৷ ৰাজ্যৰ বাহিৰতো বৃহস্পতিবাৰে পালন কৰা হয় অসম দিৱস৷ দিল্লীৰ অসম ভৱনত অসমৰ আটাইকেইগৰাকী সাংসদ-সদস্যৰ সৈতে অসম দিৱসত ভাগ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

অসম দিৱসতে মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা
ৰতন টাটালৈ প্ৰথমবাৰলৈ প্ৰৱৰ্তন কৰা ‘অসম বৈভৱ’ বঁটা
অসম বৈভৱ বঁটা হ’ব ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান

অৱশ্যে ইয়াৰ পূৰ্বেই ৰাজ্য চৰকাৰে ২০০৯ চনৰে পৰাই ‘অসম ৰত্ন’ নামেৰে এটা অসামৰিক সন্মান প্ৰৱৰ্তন কৰিছিল৷ তেতিয়াৰে পৰা অসম ৰত্নকেই ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে বিবেচনা কৰি অহা হৈছিল৷ মহানগৰীৰ গণেশ উদ্যানত অসম জাতীয় পৰিষদে কেন্দ্ৰীয়ভাৱে পালন কৰে অসম দিৱস৷ অসমৰ দিৱসৰ লগত সংগতি ৰাখি প্ৰদৰ্শিত হয় অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসুচী৷ স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ মৈদামক বে-দখল মুক্ত কৰি সৰ্বাংগ সুন্দৰ কৰি তোলাৰ লগতে চ্যুকাফা আৰু অন্যান্য আহোম বীৰসকলৰ কৰ্মৰাজি পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ দাবী কৰে AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷

আনহাতে প্ৰদেশ কংগ্ৰেছে ৰাজীৱ ভৱনত উদযাপন কৰে চ্যুকাফা দিৱস৷ সভাপতি ভূপেন বৰাৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই ভাগ লয় এই কাৰ্যসূচীত৷ চৰাইদেউৰ “আমাৰ গৌৰৱ” নামৰ সংগঠনটোৰ লগতে স্থানীয় ৰাইজৰ উদ্যোগত আহোমসকলৰ ৰীতি-নীতিৰে চ্যুকাফাৰ মৈদামত অসমৰ জাতীয় জীৱনৰ বীৰপুৰুষ গৰাকীলৈ শ্ৰদ্ধা জনোৱা হয়৷ দিৱসৰ লগত সংগতি ৰাখি বানফি পূজা সম্পন্ন কৰে উদ্যোক্তাই৷

Leave A Reply

Your email address will not be published.