danewsplus.com
danewsplus.com

ৰৌণক আলিৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল CM Vigilance-ৰ

0 150

ডিজিটেল ডেস্ক: দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া নিলম্বিত DIG ৰণৌক আলিৰ বিৰুদ্ধে CM Vigilance-এ দাখিল কৰিলে চাৰ্জশ্বিট। ১৫৬ পৃষ্ঠা যোৰা চাৰ্জশ্বিট দাখিল কৰিলে CM Vigilance এ ৬০ দিনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে দাখিল কৰা চাৰ্জশ্বিটত উল্লেখ পত্নীৰ লগতে আন এজনৰ নাম। ৫৭ দিনতে তদন্তকাৰী বিষয়াই ৰৌণক আলিৰ বিৰুদ্ধে দাখিল কৰে চাৰ্জশ্বিট

৫ অক্টোবৰত হেঙেৰাবাৰী বাসগৃহৰ পৰা নিলম্বিত DIG ৰণৌক আলি হাজৰিকাক গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰী তদাৰকী কোষে। ৫১০/২১ নম্বৰত CM Vigilance এ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল ৰণৌক আলিক। গ্ৰেপ্তাৰৰ পাছতো CM Vigilance চলাইছিল তদন্ত।তদন্তত উলাইছিল ৰৌণক আলিৰ পাহাৰ সদৃশ সম্পত্তি। নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়া ৰৌণক আলিক গ্ৰেপ্তাৰ পাছতে প্ৰেৰণ কৰা হৈছিল কাৰাগাৰলৈ কাৰাগাৰতো তদন্ত চলাইছিল দুৰ্নীতি সম্ৰাট ৰৌণক আলিক।

এই গৰাকী ৰৌণক আলিৰ বিৰুদ্ধে আজি চাৰ্জশ্বিট দাখিল কৰে বিশেষ ন্যায়ধীশ আদালতত ৷ আদালতত দাখিল কৰা চাৰ্জশ্বিটত উল্লেখ আছে পত্নী নুছৰত ৰৌণক হাজৰিকাৰ নাম আৰু কন্যালৈ বিভিন্ন বেংক একাউণ্টৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ নাম। ইয়াৰ উপৰিও চাৰ্জশ্বিটত উল্লেখ ৰণৌক আলি হাজৰিকাৰ মুঠ সম্পত্তিৰ মুল্য আৰু আয় বহিভূত সম্পত্তিৰ তালিকা।

Leave A Reply

Your email address will not be published.