danewsplus.com
danewsplus.com

দিল্লীত হ্ৰাস পালে পেট্ৰ’লৰ মূল্য

0 155

ডিজিটেল ডেস্ক: দিল্লীত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৮ টকা হ্ৰাস কৰে। দিল্লী চৰকাৰে বুধবাৰে পেট্ৰ’লৰ ওপৰত মূল্য সংযোজন কৰ (ভেট) ৩০% ৰ পৰা ১৯.৪০% লৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। পেট্ৰ’লৰ এই নতুন মূল্য বুধবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হ’ব।

উল্লেখ্য যে দিল্লীত পেট্ৰ’লৰ মূল্য বৰ্তমান ১০৩.৯৭ টকা আৰু ডিজেলৰ মূল্য প্ৰায় ৮৬.৬৭ টকা। ইয়াৰ তুলনাত, মুম্বাইত পেট্ৰ’ল প্ৰতি লিটাৰত ১০৯.৯৮ ত আৰু ডিজেল প্ৰতি লিটাৰত ৯৪.১৪ টকা।

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে দিল্লীৰ অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বান আছে। কিন্তু সামূহিকভাৱে প্ৰচেষ্টাৰে সেয়া সম্ভৱ বুলিও মত পোষণ কৰে।

Leave A Reply

Your email address will not be published.