danewsplus.com
danewsplus.com

ভেকচিন ল’বলৈ ভয়! চাহ শ্ৰমিকক বিচাৰি বিচাৰি চাহ বাগানতে ভেকচিন দিলেগৈ স্বাস্থ্যকৰ্মীয়ে

0 161

ডিজিটেল ডেস্ক : ক’ভিড ভেকচিন অভিযানৰ মাজতে এইখন অসমতে ঘটিল এক আমোদজনক ঘটনা ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰৰ কুঠৰীৰ ডিজুভেলী চাহ বাগিচাত ঘৰে ঘৰে ভেকচিন দিবলৈ গৈ বিপাঙত পৰিল স্বাস্থ্যকৰ্মী ৷
বাগিচাৰ এজন শ্ৰমিকৰ বাবে হাহাকাৰ লাগিল স্বাস্থ্যকৰ্মীৰ দলটোৰ ৷ কিয়নো চাহ শ্ৰমিকজনে কোনোপধ্যেই নলয় ভেকচিন ৷ বাগিচাৰ মাজে মাজে পলায়ন কৰিলে শ্ৰমিকজনে ৷

লোকজনক ভেকচিন দিবলৈ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসৰ সৈতে এদল আৰক্ষীও আহিব লগা পৰ্যায় সৃষ্টি হ’ল ৷ আৰক্ষী দেখি ভয়ত পেঁপুৱা লাগি মহকুমাধিপতিকে হাতে-ভৰিয়ে ধৰি শ্ৰমিক জনে বাৰে বাৰে ভেকচিন ল’বলৈ অস্বীকাৰ কৰে ।

অৱশেষত আৰক্ষীৰ ধমক শুনি কান্দি-কাটি ভেকচিন ল’লে লোকজনে ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ঘৰে ঘৰে ভেকচিন অভিযানৰ মাজত নিতৌ ঘটিছে এনে আমোদজনক ঘটনা ৷

Leave A Reply

Your email address will not be published.