danewsplus.com
danewsplus.com

জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়ালৈ আন্তৰ্জাতিক বঁটা

0 328

ডিজিটেল ডেস্কঃ আন্তৰ্জাতিক সংবাদ কৰ্মী সুৰক্ষা সংস্থা ‘প্ৰেছ এম্ব্লেম কেম্পেইন’ৰ বাৰ্ষিক পুৰস্কাৰ লাভ কৰিছে অসমৰ জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই। ভাৰতৰ লগতে দক্ষিন-পূব এছিয়াৰ কৰ্মৰত সাংবাদিকৰ অধিকাৰ, সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে জেনেভাস্থিত ‘পিইচি’য়ে ঠাকুৰীয়াক এই বঁটাৰে সন্মানিত কৰে।

উল্লেখ্য যে, এই সন্মান লাভ কৰা ঠাকুৰীয়া হ’ল ভাৰতৰ প্ৰথম গৰাকী সাংবাদিক। কৰ’না কালৰ বাধা-নিষেধৰ বাবে ছুইজাৰলেণ্ডত উপস্থিত থাকিব নোৱাৰাত তেখেতক ভাৰ্ছুৱেলী এই বঁটা প্ৰদান কৰা হয়। কভিড সংক্রমনৰ প্ৰতি লক্ষ্য ৰাখি জেনেভা প্ৰেছ ক্লাবত আয়োজিত স্থানীয় সাংবাদিকৰ সৈতে ঠাকুৰীয়াৰ বাৰ্তালাপ অনুষ্ঠানো বাতিল কৰা হয়।

আন্ত:ৰাষ্ট্ৰীয় সংস্থাৰ সম্পাদকপ্ৰধান ব্লেইজ লেম্পনৰ মন্তব্য ”এই বছৰ প্ৰথমবাৰৰ বাবে পিইচি য়ে পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ ভাৰতৰ এগৰাকী পেছাদাৰী সাংবাদিকক এই বঁটাৰ বাবে বাছনি কৰিছে। বৃহত্তম গণৰাজ্য ৰূপে পৰিচিত ভাৰতত এক শক্তিশালী গণমাধ্যমো বিদ্যমান। দেশখনত যোৱা বছৰ ১৫ গৰাকী সংবাদকৰ্মীৰ হত্যাৰ ঘটনা পোহৰলৈ আহিছে। তাৰ লগে লগে সাংবাদিক সকলে বিভিন্ন সময়ত শাৰীৰিক- মানসিক নিৰ্যাতনৰো বলি হৈছে”।

চলিত বৰ্ষত ভাৰতত ৬ গৰাকী সাংবাদিকৰ হত্যাৰ তথ্য প্ৰকাশ পাইছে। তদুপৰি ২০২০ চনৰ মাৰ্চৰ পৰা কৰ’না ভাইৰাছত প্ৰায় ৩০০ সাংবাদিকৰ মৃত্যু হৈছে। নিজ দেশৰ লগতে ঠাকুৰীয়াই চুবুৰীয়া ৰাষ্ট্ৰ ব্ৰক্ষ্মদেশৰ সাংবাদিক সকলৰো নিৰ্যাতনৰ তথ্য সংগ্ৰহ কৰিছে। যোৱা ১ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা সামৰিক শাসন কালত প্ৰায় ১২০ গৰাকী সাংবাদিকক আটক কৰা হৈছে।

অগ্ৰণী সংস্থাটোৱে ২০২০ চনত এই বঁটা মেক্সিকোৰ সাংবাদিক কাৰমেন এৰিষ্টেগুইক প্ৰদান কৰিছিল। তাৰ আগত পিইচিৰ এই সন্মান আফগানিস্তান, মালটা, তুৰ্কী, ৰাছিয়া, ছিৰিয়া, ইউক্ৰেইন, ছুইজাৰলেণ্ড, গুৱেটামালা, টিউনিছিয়া, ইজিপ্ত, ফিলিপাইনছ আদি দেশৰ সাংবাদিক আৰু সাংবাদিক-সংগঠনে লাভ কৰিছিল। পিইচি (www.pressemblem.ch)ৰ এই সন্মানে দক্ষিন আৰু দক্ষিন-পূব এছিয়াৰ সাংবাদিকসকলৰ প্ৰত্যাহ্বানৰ প্ৰসংগ আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ কঢ়িয়াই নিব বুলি ঠাকুৰীয়া আশাবাদী ।

Leave A Reply

Your email address will not be published.