danewsplus.com
danewsplus.com

অনিমেষ ভূঞালৈ শ্ৰদ্ধাঞ্জলি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ

0 126

ডিজিটেল ডেস্ক: অনিমেষ ভূঞাৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। প্ৰতিগৰাকী লোকে উপযুক্ত তদন্তৰ জৰিয়তে দোষীক শাস্তি দিয়াৰ বাবে দাবী জনাইছে। চহৰখনৰ মাজ মজিয়াত দিনৰ ভাগতে সংঘটিত এই গণহত্যাক কোনো লোকে সাধাৰণভাৱে লব পৰা নাই।

মঙলবাৰে পুৱাৰ ভাগত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজেও সাব্যস্ত কৰে প্ৰতিবাদ। দিনজোৰা প্ৰতিবাদৰ অন্তত সন্ধিয়াৰ ভাগত শতাধিক শিক্ষাৰ্থী সমবেত হৈ এ অনিমেষ ভূঞা নামৰ ছাত্ৰনেতাজনৰ আত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাঞ্জলী জনায়।

উল্লেখ্য যে, সোমবাৰে দিনৰ ভাগত সংঘটিত এই ঘটনাত অনিমেষ ভূঞাৰ মৃত্যু হোৱাৰ লগতে আন ২ গৰাকী সতীৰ্থ আহত হয়। সকলোৱে এতিয়া দুয়োজন আহত ছাত্ৰৰ আশুআৰোগ্য কামনা কৰিছে।

Leave A Reply

Your email address will not be published.