danewsplus.com
danewsplus.com

মুকলি হ’ল কপিল দেৱৰ জীৱন বৃত্তান্ত সমৃদ্ধ ছবি “৮৩”ৰ ট্ৰেইলৰ

0 299

ডিজিটেল ডেস্ক: কপিল দেৱৰ খেলুৱৈ জীৱনৰ ওপৰত নিৰ্মাণ কৰা  বহু প্ৰতিক্ষিত ছবি ‘৮৩’ৰ ট্ৰেইলৰ মঙলবাৰে মুকলি কৰা হয়। ভাৰতৰ ক্ৰিকেট জগতৰ এক আৱেগ কপিল দেৱ৷ ভাৰতীয় ক্ৰিকেটত প্ৰথমটো বিশ্বকাপ উপহাৰ দিছিল প্ৰাক্তন ক্ৰিকেটাৰ তথা অধিনায়ক কপিল দেৱে। বলীউড তাৰকা ৰণবীৰ সিঙ আৰু দীপিকা পাডুকন অভিনিত  ছবিখনে বলীউডত পুনৰ  খলকনি তুলিব বুলি সকলো আশাবাদী।ট্ৰেইলৰ মুকলি কৰাৰ পাছতে ছবিখন চাবলৈ  উৎসুকতা  বৃদ্ধি পাইছে অনুৰাগী তথা ক্ৰীড়াপ্ৰেমীৰ মাজত৷

১৯৮৩ চনৰ ২৫ জুনত কপিল দেৱৰ অধিনায়কত্বত ভাৰতে প্ৰথম বাৰৰ বাবে বিশ্বকাপ জয় কৰাৰ ক্ষণসমূহ পুনৰ উজ্বলাই তোলাৰ চেষ্টাৰে নিৰ্মাণ কৰা হৈছে ছবিখন৷  কবিৰ খানৰ পৰিচালনাত নিৰ্মাণ কৰা হৈছে ছবিখন৷ কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিঙে আৰু ছবিখনত কপিল দেৱৰ পত্নী ৰোমি ভাটিয়াৰ চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাডুকনে৷ ইয়াৰ উপৰি ছবিখনত পংকজ ত্ৰিপাঠী, চাহিল খট্টৰ,চিৰাগ পাটিল, হাৰডি সান্ধুকে আদি কৰি বহুকেইজন কলা-কুশলীয়ে অভিনয় কৰিছে৷

৬০-৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ছবিখন ২৪ ডিচেম্বৰত ছবিগৃহলৈ আহিব৷ ছবিখনে হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালেয়ালম ভাষাত মুক্তি লাভ কৰিব৷

Leave A Reply

Your email address will not be published.